নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬২৮ দিন : KKRৰ মূল একাদশত স্থান লাভৰ পৰা বাহিৰ সুনীল নাৰিন, আঘাতৰ বাবেই নহয়, তেন্তে কিহৰ বাবে

নিউজ ডেস্ক, ২৭ মাৰ্চঃ বুধবাৰে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছে আইপিএলৰ চলিত ছিজনত প্ৰথমটো জয় পঞ্জীয়ন কৰে। অ’পেনাৰ কুইণ্টন ডি ককে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। কিন্তু দীৰ্ঘদিনৰ পিছত একাদশত স্থান লাভ পৰা বঞ্চিত হল সুনীল নাৰিন। কিয়নো তেওঁৰ শাৰীৰিক অসুস্থতা। ১৬২৮ দিনৰ পিছত এনেকুৱা হৈছে যে কেকেআৰৰ প্লেইং ১১ত নাৰিন অন্তৰ্ভুক্ত নহল

অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম বৰ্ষাপাৰাত খেলা এই খেলখনত কেকেআৰৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। টছৰ সময়ত তেওঁ কৈছিল যে প্লেইং ১১ত মাত্ৰ এটা পৰিৱৰ্তন কৰা হৈছে। সুনীল নাৰিনৰ ঠাইত মইন আলীক অন্তৰ্ভুক্ত কৰা হৈছে। কোনো ধৰণৰ আঘাতৰ বাবে নাৰিনে আউট হোৱা নাছিল যদিও স্বাস্থ্য ভাল নাছিল। টছৰ পিছত এই কথা কয় অধিনায়কে।

উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে কালি গুৱাহাটীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সুনীল নাৰিনক। যাৰ বাবে ১৬২৮ দিনৰ পিছত কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশত স্থান লাভৰ পৰা বঞ্চিত হয়।

You might also like