দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰৰ অভিনেত্ৰী দৰ্শনা দেৱীলৈ “উদিত নাট্যপ্ৰভা” সন্মান
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ গোলাঘাটৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ে বিশ্ব নাট্য দিৱস উপলক্ষে আয়োজন কৰা সদৌ অসম আন্ত:মহাবিদ্যালয় আৰু আন্ত:বিশ্ববিদ্যালয় দ্বৈত অভিনয় প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসমৰ এগৰাকী প্ৰতিভাৱান যুৱ নাট্যাভিনেত্ৰীলৈ এই বৰ্ষৰ পৰা আগবঢ়োৱা হৈছে “উদিত নাট্যপ্ৰভা” সন্মান৷ এইবৰ্ষত লাভ কৰিছে অভিনেত্ৰী দৰ্শনা দেৱীয়ে। কলেজৰ এগৰাকী দ্বায়িত্বশীল শিক্ষয়িত্ৰী, ব্যস্ত সামাজিক জীৱন আৰু ব্যক্তিগত জীৱনৰ সমান্তৰালভাৱে অতি নিষ্ঠাৰে নাট্যচৰ্চা কৰি আছে দৰ্শনা দেৱীয়ে। দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰৰ এগৰাকী সুদক্ষ অভিনেত্ৰী হিচাপে পৰিচিত দৰ্শনা দেৱীয়ে এই সন্মান লাভ কৰাত নাট্যচৰ্চা কেন্দ্ৰৰ সকলো অভিনয় শিল্পী আৰু কলা কুশলীসকল উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰৰ সঞ্চালক তথা বিশিষ্ট নাট্যকাৰ পৰিচালক, অভিনেতা সপোনজ্যোতি ঠাকুৰৰ তত্বাৱধানত অভিনয় ক্ষেত্ৰখনত আগবাঢ়ি যোৱা দৰ্শনা দেৱীয়ে মঞ্চ নাটক, টেলিফ্লিমৰ লগতে বহুকেইখন অনাতাঁৰ নাটকত অভিনয় কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী