নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনস্বাস্থ্য কাৰিকৰী বিভাগত জলজীৱনৰ ঠিকা কৰি মাৰ্চমাহত ফুটাকড়ি এটাও নাপায় বিপদত নগাঁৱৰ শতাধিক ঠিকাদাৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ মাৰ্চ মাহত নগাঁও জনস্বাস্থ্য কৰিকৰী সংমণ্ডলৰ জল জীৱন মিছনৰ অনাদায়কৃত প্ৰায় ৬০ কোটি টকাৰ ভিতৰত ২ কোটি ৭৮ লাখ ৯৪ হাজাৰ টকা আবণ্টন হৈছিল। কিন্তু পৰিতাপৰ কথা যে নগাঁও সংমণ্ডলটোত ঠিকা কৰা ১৫০জন ঠিকাদাৰৰ ভিতৰত ১৪৯ জনেই বিলৰ ফুটাকড়ি এটাও লাভ নকৰিলে৷ কিন্তু ইয়াৰ বিপৰীতে ১৫০জন ঠিকাদাৰৰ ভিতৰত কপাল ফুলিল মন্ত্ৰীৰ আশিসধন্য এজন সৌভাগ্যশালী ঠিকাদাৰৰ৷ নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডললৈ মাৰ্চ মাহত আবন্টিত সমূদায় ধন লাভ কৰে M/S YSM Construction  নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।এই বিশেষ ঠিকাদাৰজন বিভাগীয় মন্ত্ৰীৰ ঘণিষ্ঠ বুলি বঞ্চিত ঠিকাদাৰ সকলৰ মাজত চৰ্চা আৰম্ভ হৈছে। সেই সুবাদতে মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট এইজন ঠিকাদাৰে মাৰ্চ মাহত মোকলাই দিয়া ২ কোটি ৭৮ লাখ ৯৪ হাজাৰ টকাৰ ভিতৰত ২ কোটি ৬৬ লাখ ৩২ হাজাৰ টকা লাভ কৰে। আনহাতে বাকী ১২ লাখ টকা কাৰিকৰী শিতানত ব্যয় কৰে। যাৰ পৰিপ্ৰেক্ষিতত ধনৰ এক শতাংশ ও লাভ নকৰা অন্য ঠিকাদাৰসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। একেদৰে জিলাখনৰ কলিয়াবৰ জনস্বাস্থ্য সংমণ্ডলৰ  ঠিকাদাৰ সকলৰো একেই দশা হোৱা বুলি জানিব পৰা গৈছে ৷ কলিয়াবৰ সংমণ্ডলত মাৰ্চ মাহত জল জীৱন অভিযানৰ কামৰ বিপৰীতে মোকলাই দিছিল ৩ কোটি ৪৮ লাখ ৩৮ হাজাৰ টকা। কিন্তু এই ধনৰ সিংহ ভাগেই লাভ কৰিলে মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট একে গৰাকী ঠিকাদাৰেই ৷ জল জীৱন মিছনৰ কোটি টকীয়া ঠিকা কৰি মাৰ্চ মাহত বিল পোৱাৰ আশাত বন্দী হৈ আছিল শ শ ঠিকাদাৰ ৷ কিন্তু সেই আশাত চেঁচা পানী ঢালিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ এতিয়া কাক ক’ব, কি কৰিব উপায় নোহোৱা হৈছে বঞ্চিত ঠিকাদাৰসকলৰ। মন্ত্ৰী আৰু বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ ৰোষত পৰাৰ ভয়তো মুখ খুলিবলৈ সাহস কৰা নাই ঠিকাৰ ধনৰ পৰা বঞ্চিত শতাধিক ঠিকাদাৰে।
প্ৰেৰক কনক হাজৰিকা
You might also like