নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ বৃদ্ধি পাব কর্কটসহ একাধিক জীৱনদায়িনী ঔষধৰ দাম

🔹 ছমাহৰ ভিতৰত দুবাৰকৈ বৃদ্ধি ঔষধৰ দাম

নিউজ ডেস্ক, ২৮ মার্চ : পুনৰ বৃদ্ধি পাব কর্কট, মধুমেহসহ কেইবাবিধো জীৱনদায়িনী দৰবৰ দাম৷ ছমাহৰ ভিতৰত ২বাৰলৈ বৃদ্ধি পাব এই জীৱনদায়িনী ঔষধৰ দাম৷ বিগত বর্ষৰ অক্টোবৰ মাহত কিছুসংখ্যক জীৱনদায়িনী ঔষধৰ দাম পঞ্চাশ শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ পিছত পুনৰ এনে ঔষধৰ দাম বৃদ্ধিৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি কর্কট, মধুমেহ, হৃদৰোগসহ কেইবাবিধো ৰোগৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব৷ শীঘ্রেই বৃদ্ধি হ’বলগীয়া এই জীৱনদায়িনী ঔষধৰ দাম ১.৭ শতাংশ পর্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে সম্প্রতি ৯০ দিনৰ বাবে প্রয়োজনীয় ঔষধ মজুত হৈ থকাৰ পৰিপ্রেক্ষিতত নতুনকৈ বর্ধিত মূল্য সাধাৰণ গ্রাহকে ৩ মাহৰ পিছতহে ক্রয় কৰিব যদিও আন এক তথ্য মতে শীঘ্রেই অর্থাৎ পৰৱর্তী মাহৰ ভিতৰতেই ৰোগীয়ে এই ঔষধসমূহ বর্ধিত দামত ক্রয় কৰিব লাগিব৷ অল ইণ্ডিয়া অর্গেনাইজেচন ফৰ কেমিষ্ট এণ্ড ড্রাগিছৰ তথ্য মতে, ঔষধ প্রস্তুতত ব্যৱহৃত ৰাসায়নিক সামগ্রীৰ দাম বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততে ঔষধসমূহৰো দাম বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে৷ দাম বৃদ্ধি কৰিবলৈ ধাৰাবাহিকভাৱে ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰি থকাৰ পৰিপ্রেক্ষিততেই ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলিও প্রকাশ পাইছে৷ বিগত বর্ষৰ অক্টোবৰ মাহত ঔষধৰ দাম বৃদ্ধি কৰাৰ পিছত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যদিও পুনৰ ঔষধৰ দাম বৃদ্ধিয়ে গ্রাহকক মাধমাৰ শোধোৱাৰ পৰিকল্পনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like