নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলাহাবাদ উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ শপত যশৱন্ত বার্মাৰ

🔹 নগদ ধন বিতর্ক : প্রতিবাদ নৰজিল

নিউজ ডেস্ক, ৬ এপ্রিল : অগ্ণিকাণ্ডৰ ঘটনাত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বার্মাৰ বাসগৃহত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ বিতর্ক অব্যাহত আছে৷ ন্যায়াধীশ যশৱন্ত বার্মাক উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া কমিটীৰ অনুমোদন মর্মে কেন্দ্রীয় চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰাৰ পাছত কালি আনুষ্ঠানিকভাৱে ন্যায়াধীশৰ ৰূপত শপত লয় বার্মাই৷ এলাহাবাদ উচ্চ ন্যায়ালয়কে ধৰি পাঁচ বাৰ এছ’চিয়েচনে ন্যায়াধীশ বার্মাৰ নিযুক্তিক লৈ প্রতিবাদ কৰিলেও সেই প্রতিবাদক আওকাণ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত বার্মাক নিযুক্তি দিয়া হৈছিল৷ নগদ ধন বিতর্কই দেশৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত কলংক সনাৰ পাছতো ন্যায়াধীশ বার্মাৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্রহণ নকৰাৰ বিষয়টোৱে বাৰ এছ’চিয়েচনক উদ্বিগ্ণ কৰি ৰাখিছে৷ কালি ন্যায়াধীশ বার্মাই এলাহাবাদ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰিলেও তেওঁক কোনোধৰণৰ দায়িত্ব অর্পণ কৰা নহয় বুলি প্রকাশ কৰা হৈছে৷ যেতিয়ালৈকে বার্মাৰ বিৰুদ্ধে তদন্ত চলি থাকিব, তেতিয়ালৈকে ন্যায়াধীশ হিচাপে থাকিলেও তেওঁৰ কোনো কার্যক্রমণিকা নাথাকিব৷ লক্ষণীয় যে সাধাৰণতে ন্যায়াধীশৰ বাবে ৰাজহুৱাভাৱে শপত গ্রহণ কৰা হয় যদিও কালি বার্মাৰ ক্ষেত্রত তেওঁৰ ব্যক্তিগত পক্ষতহে শপত গ্রহণ কৰোৱা হয়৷

You might also like