নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ঐতিহ্য ক্ষেত্র তাজমহলত সর্বাধিক টিকট বিক্রীৰ অভিলেখ

🔹 উপার্জন ২৯৭ কোটি টকা

নিউজ ডেস্ক, ৬ এপ্রিল : ইউনেস্ক’ৰ বিশ্বৰ ঐতিহ্যক্ষেত্র তাজমহলত সর্বাধিক টিকট বিক্রী হৈছে৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ চমুকৈ এএছআইৰ দ্বাৰা সংৰক্ষিত স্মৃতিচিহ্ণ তাজমহলত বিগত পাঁচ বছৰত সর্বাধিক টিকট বিক্রীৰে অভিলেখ সৃষ্টি হৈছে৷ এই পাঁচ বছৰত ২৯৭ কোটি টকা ৰাজহ উপার্জন কৰিবলৈ সক্ষম হৈছে চৰকাৰ৷ কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে ৰাজ্যসভাত এই তথ্য প্রকাশ কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, তাজমহলত ২৯৭ কোটি টকা উপার্জন হোৱাৰ বিপৰীতে কুটুবমিনাৰত প্রায় ২৪ কোটি আৰু লালকিল্লাত ১৮ টকা উপার্জন হৈছে৷ এ এছ আইৰ তথ্যৰ ভিত্তিত মন্ত্রীগৰাকীয়ে এই মন্তব্য আগবঢ়াইছে৷ এএছআইৰ তথ্য মতে, বিগত ৫ বছৰত প্রতি বছৰতে তাজমহলত আন ঐতিহ্য ক্ষেত্রৰ তুলনাত সর্বাধিক টিকট বিক্রী হৈছে আৰু এই টিকট বিক্রীৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন উপার্জন কৰা হৈছে৷ বিশ্বৰ অন্যতম সুন্দৰ প্রেমৰ প্রতীক হিচাপে চর্চিত তাজমহললৈ দেশৰ লগতে বিদেশৰো অনেক পর্যটক আহে৷ এই দেশী–বিদেশী পর্যটকসকলে বিশ্ব ঐতিহ্য তাজমহল প্রত্যক্ষ কৰিবলৈ টিকট ক্রয় কৰিব লাগে আৰু এই টিকট ক্রয়ৰ ফলত চৰকাৰৰ বৃহৎ পৰিমাণৰ ৰাজহ উপার্জন হয়৷ তামিলনাডুৰ মালাল্লাপুৰম আৰু কোনার্কৰ সূর্য মন্দিৰো অগণন ভক্তই দর্শন কৰি আহিছে৷

You might also like