নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমি বিবাদত জড়িত ৫০জন ব্যক্তিৰ বিজেপিত যোগদান

🔹 ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতে কেৰালাত অভূতপূর্ব ঘটনা

নিউজ ডেস্ক, ৬ এপ্রিল : সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ কেইঘণ্টামানৰ পাছতে কেৰালাত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে৷ ভূমি বিবাদত জড়িত ৫০জন ব্যক্তিয়ে শুকুৰবাৰে সন্ধিয়া বিজেপিত যোগদান কৰি ৱাকফ সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত তেওঁলোকে সু–মীমাংসা পাব বুলি আশা ব্যক্ত কৰিছে৷ ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী ৰাজীৱ চন্দ্রশেখৰ আৰু কেইবাজনো এনডিএ নেতাৰ উপস্থিতিত এৰনাকুলাম জিলাৰ মুনামবামত এই ৫০জন ব্যক্তিয়ে বিজেপিত যোগদান কৰে৷ তথ্য মতে, ৰাজীৱ চন্দ্রশেখৰে এনডিএৰ কেইবাজনো নেতাৰ সৈতে লোকসভা আৰু ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই শুকুৰবাৰে সন্ধিয়া মুনামবামলৈ যায়৷ মুনামবামলৈ গৈ ভূমি বিবাদত জড়িত থকা ৫০জন ব্যক্তিক সাক্ষাৎ কৰি বিজেপি নেতৃত্বাধীন গোটে তেওঁলোকক ৰাজহ অধিকাৰ লাভ নকৰালৈকে সমর্থন কৰি যাব বুলি প্রতিশ্রুতি দিয়ে৷ বিজেপিৰ নেতাকেইগৰাকীয়ে প্রতিশ্রুতি দিয়াৰ পাছতেই ৫০জন ব্যক্তিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ চন্দ্রশেখৰৰ নেতৃত্বত এই দলটোত আছিল বিজেপি নেতা শ্বন জর্জ, পি কে কৃষ্ণ দাস আদি৷ লক্ষণীয় যে বিজেপিত যোগদান কৰা মুনামবামৰ ৫০জন ব্যক্তিয়ে এতিয়ালৈকে তেওঁলোকে বসবাস কৰি থকা ভূমিৰ অধিকাৰ লাভ কৰি থকা নাই৷ ৱাকফ ব’ৰ্ডৰ পৰা পঞ্জীয়নভুক্ত ডিড আৰু ভূমি কৰ আদায় দিয়া ৰচিদ-পাতি থকাৰ পাছতো এতিয়ালৈকে তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰা নাই৷ এনে পৰিপ্রেক্ষিতত ৱাকফ সংশোধনী বিধেয়ক আইনত পৰিণত হ’লে তেওঁলোকে সু–মীমাংসা পাব বুলি আশাবাদী ৷ মন কৰিবলগীয়া যে কেথলিক চাৰ্চৰ দ্বাৰা সমর্থন লাভ কৰি থকা উল্লিখিত ৫০জন ব্যক্তিয়ে বিগত ১৭৪ দিন ধৰি তেওঁলোকৰ সম্পত্তিৰ ৰাজহ অধিকাৰ লাভ কৰিবলৈ প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ ৱাকফ ব’ৰ্ডৰ ভূমি যদিও তেওঁলোকৰ পঞ্জীয়নভুক্ত ডিড আৰু ভূমিকৰ প্রদান কৰা ৰচিদ আছে৷ ইয়াৰ পাছতো তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰা নাই৷ ইপিনে, বিজেপিত যোগদান কৰাৰ পাছত ৫০জন ব্যক্তিয়ে ৰাজ্যখনৰ বিজেপিৰ সভাপতি চন্দ্রশেখৰক প্রধানমন্ত্রী মোদীৰ সৈতে সাক্ষাৎ কৰাই দিবলৈও আহ্বান জনাইছে৷

You might also like