নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদায় সম্বর্ধনা অনুষ্ঠানত ভাষণ দি থকা সময়তে মৃ*ত্যু ছাত্ৰীৰ

🔹 আৰজি সিন্দে কলেজত মর্মান্তিক ঘটনা

নিউজ ডেস্ক, ৭ এপ্রিল : হাঁহিমুখে মঞ্চত বক্তৃতা দি আছিল তৰুণীয়ে৷ হঠাতে সংজ্ঞা হেৰুৱাই ঢলি পৰিল মঞ্চত৷ মুহূর্তৰ ভিতৰতে শেষ নিশ্বাস ত্যাগ কৰিলে তৰুণীগৰাকীয়ে৷ কুৰি বছৰীয়া এই তৰুণীৰ এনে মর্মান্তিক মৃ*ত্যুৰ ঘটনা ঘটিছে মহাৰাষ্ট্রত৷ মৃত তৰুণীৰ নাম বৰষা খাৰাট৷ ৰাজ্যখনৰ ধাৰাশিৱ জিলাৰ আৰজি সিন্দে কলেজত অধ্যয়ন কৰিছিল বৰষাই৷ বিদায় সম্বর্ধনা অনুষ্ঠানত অন্য শিক্ষার্থীসকলৰ সৈতে উপস্থিত আছিল তৰুণী ছাত্রীজনী৷ অনুষ্ঠানৰ মাজতে মঞ্চত ভাষণ দিবলৈ উঠে বৰষা৷ হাঁহিমুখে ভাষণ দি থকাৰ সময়তে হঠাতে সংজ্ঞা হেৰুৱাই মঞ্চত ঢলি পৰে তৰুণীজনী৷ সন্মুখত থকা শিক্ষার্থী তথা অন্য লোকসকলে দৌৰি আহে ওচৰলৈ৷ কিন্তু ইতিমধ্যে তৰুণীজনীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷

You might also like