এছিয়াত সামৰিক শক্তি বৃদ্ধি কৰিছে আমেৰিকাই
🔹 বিধ্বংসী বি–২ বোমাৰু বিমান, এয়াৰক্রাফ্ট কেৰিয়াৰ মোতায়েন ভাৰত মহাসাগৰত
নিউজ ডেস্ক, ৭ এপ্রিল : আমেৰিকাই আৰোপ কৰা আমদানি শুল্কক লৈ এতিয়া সমগ্র বিশ্ব অর্থনীতিত সৃষ্টি হৈছে অস্থিৰতা৷ বিভিন্ন মহলে বাণিজ্যিক যুদ্ধৰ এয়া এক সূত্রপাত বুলি আশংকা কৰিছে৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে অতি গোপনে ভাৰত মহাসাগৰ আৰু ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত সামৰিক শক্তি বৃদ্ধি কৰিছে আমেৰিকাই৷ য়েমেনৰ ইৰান সমর্থনপুষ্ট সশস্ত্র সংগঠন হুথীৰ ঘাটিত ইতিমধ্যে আক্রমণ কৰিছে মার্কিন সেনাই৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সেনাৰ এই ‘কৃতিত্ব’ৰ কথা ছ’চিয়েল মিডিয়াযোগে প্রকাশ কৰিছে৷ হুথীৰ ঘাটিত বিস্ফোৰণৰ এক ভিডিঅ’ পোষ্ট কৰিছে ড’নাল্ড ট্রাম্পে৷ ট্রাম্পৰ বক্তব্য অনুসৰি পশ্চিম এছিয়াৰ পৰা দক্ষিণ–চীন সাগৰলৈ আঞ্চলিক নিৰাপত্তা অক্ষত ৰাখিবলৈ আমেৰিকা সংকল্পবদ্ধ৷ এইক্ষেত্রত কোনোবাই বাধাৰ সৃষ্টি কৰিলে প্রত্যুত্তৰ দিয়া হ’ব বুলিও মন্তব্য কৰিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ভাৰত মহাসাগৰীয় অঞ্চলত অতি শক্তিশালী বি–২ বোমাৰু বিমান মোতায়েন কৰাৰ নির্দেশ দিছে পেণ্টাগনে৷ উপগ্রহ চিত্রত ধৰা পৰিছে আমেৰিকা আৰু ব্রিটেইনৰ যৌথ উদ্যোগত গঢ়ি তোলা নৌসেনা ঘাটি ডিয়েগো গার্ছিয়াত ইতিমধ্যে ৬খন বি–২ ষ্টিল্থ বোমাৰু বিমান মোতায়েন কৰা হৈছে৷ সেনা ঘাটিৰ হেঙাৰত আৰু বোমাৰু বিমান থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ আমেৰিকাৰ ওচৰত মুঠ ২০খন বি–২ ষ্টিল্থ বোমাৰু বিমান আছে৷ বিশ্বৰ আটাইতকৈ অত্যাধুনিক যুদ্ধবিমান এই বি–২৷ ইয়াৰ নক্সা এনেদৰে প্রস্তুত কৰা হৈছিল যে ই সহজে নজৰত নপৰে৷ এণ্টি এয়াৰক্রাফ্ট ডিফেঞ্চ অর্থাৎ দুর্ভেদ্য প্রতিৰক্ষা ব্যৱস্থা শত্রুপক্ষৰ আকাশী সীমাত প্রৱেশ কৰিব পাৰে এইধৰণৰ যুদ্ধ বিমানে৷ এনে শক্তিশালী যুদ্ধ বিমান ভাৰত মহাসাগৰীয় অঞ্চলত মোতায়েন কৰা বিষয়টোক গুৰুত্বপূর্ণ কৌশলগত পদক্ষেপ বুলি ধাৰণা কৰিছে কূটনীতিকসকলে৷ ইয়াৰ উপৰি ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত নিযুক্ত এয়াৰক্রাফ্ট কেৰিয়াৰৰ সংখ্যা বৃদ্ধি কৰিছে আমেৰিকাই৷ দীর্ঘদিনলৈ এখন এয়াৰক্রাফ্ট কেৰিয়াৰ এই অঞ্চলত ৰখা হৈছিল যদিও এইবাৰ তেনে এয়াৰক্রাফ্ট কেৰিয়াৰৰ সংখ্যা ৩খনলৈ বৃদ্ধি কৰা হৈছে অঞ্চলটোত৷ ভাৰত মহাসাগৰ আৰু পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলত সামৰিক শক্তি বৃদ্ধি কৰাৰ পৰিকল্পনা লৈছে ট্রাম্পে৷