🔹 প্রেমৰ বাবে সলনি কৰিলে ধর্ম
নিউজ ডেস্ক, ১১ এপ্রিল : প্রেমে কোনো বাধা নামানে৷ বয়স, ধর্ম একোৱেই প্রেমৰ পথত বাধা হ’ব নোৱাৰে৷ সেয়া পুনৰ এবাৰ প্রমাণিত হ’ল৷ দ্বাদশ শ্রেণীৰ ছাত্রৰ প্রেমত পৰিলে ৩০ বছৰীয়া তিনি সন্তানৰ মাতৃ৷ অকল সেয়াই নহয়, ধর্ম সলনি কৰি সেই কিশোৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল তিনি সন্তানৰ মাতৃ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ আমৰোহা জিলাত৷ তিনি সন্তানৰ মাতৃৰ নাম শ্বৱনম৷ চলিত সপ্তাহতেই ধর্মান্তৰিত হৈ হিন্দু ধর্ম গ্রহণ কৰিছে শ্বৱনমে৷ ইয়াৰ পিছত শ্বৱনমে নতুন নাম গ্রহণ কৰিছে শিৱানী৷ ইয়াৰ পূর্বেও যুৱতীগৰাকীয়ে দুবাৰ বিবাহপাশত আবদ্ধ হৈছিল৷ প্রথম মীৰাটৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তোফিক নামৰ এজন যুৱকৰ সৈতে দ্বিতীয়বাৰ বৈবাহিক সম্পর্ক গঢ়ি তুলিছিল৷ উল্লেখনীয় যে দ্বিতীয় স্বামীৰ সৈতে বিচ্ছেদ ঘটাই এটা মন্দিৰলৈ গৈ দ্বাদশ শ্রেণীৰ ছাত্রজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে শিৱানী৷