🔹 পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰ পৰীক্ষণত উন্মোচিত ভয়ংকৰ জালিয়াতি
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ এপ্ৰিল : মনোনয়ন পত্ৰৰ সৈতে ভুৱা নথি-পত্ৰ জমা দি এতিয়া বিপদত কংগ্ৰেছ দলৰ এগৰাকী আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী। কালি অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত উন্মোচিত হয় এই ভয়ংকৰ জালিয়াতিৰ বিষয়টো। জানিব পৰা মতে, ধুবুৰীস্থ জল পৰিষদৰ কাৰ্যালয়ত কালি মনোনয়ন পত্ৰৰ নিৰীক্ষণ চলি থকা সময়ত বিজেপি আৰু এআইইউডিএফে যৌথভাৱে ধুবুৰী জিলা পৰিষদৰ অন্তৰ্গত তথা জৰুৱা বিধানসভা সমষ্টিৰ বাহিৰ শালমাৰাৰ ২১ নম্বৰ বন্দিহানা আঞ্চলিক পঞ্চায়তৰ সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰজাহান বিবিৰ নথি-পত্ৰৰ বিষয়টোত অভিযোগ দাখিল কৰিছিল। সেইমৰ্মে জন্মৰ প্ৰমাণ-পত্ৰকে ধৰি বগৰীবাৰীৰ জ্বলাবিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা বুলি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰখনক লৈ আৰম্ভ হৈছিল তদন্ত। অৱশেষত ৰিটাৰ্ণিং বিষয়াই উক্ত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীক মাতি অনাৰ পিছত উৰহী গছৰ ওৰ ওলায়। প্ৰধান শিক্ষকগৰাকীয়ে নুৰজাহান বিবিৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰখনত থকা চহী তেওঁৰ নহয় বুলি নিশ্চিত কৰে। ইপিনে, নুৰজাহান বিবিয়ে জমা দিয়া জন্মৰ প্ৰমাণ-পত্ৰখনো স্বাস্থ্য বিভাগৰ পৰীক্ষণৰ পিছত ভুৱা বুলি উন্মোচিত হয়। ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন-পত্র বাতিল বুলি ঘোষণা কৰা হৈছে যদিও মনোনয়ন-পত্ৰৰ সৈতে জাল নথি-পত্ৰ জমা দিয়া নুৰজাহান বিবিৰ বিৰুদ্ধে আইনী পদক্ষেপ লোৱা হ’ব নে নাই সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। সমান্তৰালকৈ নুৰজাহান বিবিৰ অনুৰূপে আন বহুতে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন-পত্ৰৰ সৈতে ভুৱা নথি-পত্ৰ প্ৰদান কৰিছে নেকি বুলি সন্দেহৰো জন্ম দিছে।