নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰ পাকিস্তানৰ অংগ ! ভাৰতীয় বাহিনীক ভয় নকৰে ইছলামাবাদ প্রশাসনে

🔹 পাকিস্তানী সেনা মুৰব্বী জেনেৰেল আছিম মুনিৰৰ বিস্ফোৰক মন্তব্য

নিউজ ডেস্ক, ১৮ এপ্রিল : আদর্শ আৰু সংস্কৃতিৰ ঐতিহ্যৰ নিৰিখত পাকিস্তানত অৱস্থান উচ্চতৰ বুলি দাবী কৰিলে পাক সেনাপ্রধান জেনেৰেল আছিম মুনিৰে৷ এই তত্ত্ব প্রতিষ্ঠা কৰিবলৈ গৈ মুনিৰে হাতিয়াৰ কৰিলে ১৯৪৭ চনৰ ভাৰত বিভাজনৰ উদ্দেশ্যে মহম্মদ আলী জিন্নাৰ ‘দ্বি–জাতিতত্ত্ব’ক৷ বিভিন্ন দেশত কর্মৰত পাক ৰাষ্ট্রদূতসকলৰ সন্মিলনত বক্তৃতা দিয়াৰ সময়ত মুনিৰে কয় যে পাকিস্তান এক উন্নতৰ ঐতিহ্য আৰু সংস্কৃতিৰ ধাৰক৷ এই সন্দর্ভত মন্তব্য কৰিবলৈ গৈ মুনিৰে কয় যে পাকিস্তানৰ পূর্বপুৰুষসকলে জীৱনৰ প্রতিটো ক্ষেত্রত হিন্দুতকৈ পৃথক বুলি ধাৰণা কৰিছিল৷ ধর্ম, ৰীতি–নীতি, ঐতিহ্য, চিন্তা–ভাবনা আৰু উচ্চাকাংক্ষা হিন্দুতকৈ পৃথক বুলি মন্তব্য কৰে মুনিৰে৷ এয়াই ‘দ্বি–জাতিতত্ত্ব’ৰ ভিত্তি আছিল বুলিও উল্লেখ কৰে মুনিৰে৷ ইফালে, ১৩ লাখ সেনাসজ্জিত ভাৰতীয় বাহিনীক পাকিস্তানে ভয় নকৰে বুলি উল্লেখ কৰি কাশ্মীৰ পাকিস্তানৰ অংগ বুলি দাবী কৰে সেনা মুৰব্বীগৰাকীয়ে৷ লগতে বেলুচ বিদ্রোহীসকলৰ প্রসংগ টানি পাকিস্তানী সেনাই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলিও হুংকাৰ দিয়ে মুনিৰে৷ সন্ত্রাসবাদীক পাকিস্তানে ভয় নকৰে বুলিও মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে৷

You might also like