নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি নিজৰ সন্তান ৰাখিব এলন মাস্কে

🔹 বৃহৎ অংকৰ ধনৰ বিনিময়ত বহু মহিলাক প্রস্তাৱ মার্কিন ধনকুবেৰৰ

নিউজ ডেস্ক, ১৮ এপ্রিল : ধ্বংস হৈ যাব মানৱ জাতি৷ সেইবাবে নিজৰ সন্তানৰ এক বিশাল বাহিনী গঢ়ি তুলিব বিচাৰিছে মার্কিন ধনকুবেৰ এলন মাস্কে। সূত্রই সদৰী কৰা অনুসৰি একাধিক মহিলাৰ সৈতে যোগাযোগ কৰিছে মাস্কৰ সংস্থাৰ কর্মীসকলে৷ বিশেষ চুক্তি কৰি মাস্কৰ সন্তান ধাৰণ কৰিব লাগিব৷ ইয়াৰ বিনিময়ত বৃহৎ অংকৰ আর্থিক সাহায্য লাভ কৰিব মহিলাসকলে৷ বিশ্বৰ আটাইতকৈ ধনকুবেৰ এলন মাস্কে এতিয়া এই প্রস্তাৱ দিছে পৃথিৱীৰ বিভিন্ন দেশৰ বহু মহিলাক৷ বিস্ফোৰক এই তথ্য প্রকাশ কৰিছে বিখ্যাত মার্কিন সংবাদ পত্র ‘দ্য ৱাল ষ্ট্রীট জার্নাল’–এ৷ বর্তমান ১৪ সন্তানৰ পিতৃ এলন মাস্ক৷ ৪ মহিলাৰ গর্ভত জন্মলাভ কৰিছে টেছলাৰ মুৰব্বী মাস্কৰ এই সন্তানসকল৷ অসমর্থিত সূত্রৰ খবৰ অনুসৰি বাস্তৱত মাস্কৰ সন্তানৰ সংখ্যা বহু বেছি৷ মার্কিন সংবাদ পত্রখনে দাবী কৰা অনুসৰি, জাপানৰ এগৰাকী উচ্চপদস্থ মহিলাকো নিজৰ বীর্যদান কৰিছে এলন মাস্কে৷ জাপান প্রশাসনৰ অনুৰোধতে এই কাম সম্ভৱ হোৱা বুলি দাবী কৰিছে সংবাদ পত্রখনে৷ যোৱা ছেপ্টেম্বৰ মাহত মাস্কৰ সন্তানক জন্ম দিয়া বুলি দাবী কৰিছিল মার্কিন ইনফ্লুৱেন্সাৰ তথা লেখিকা আছলে ছেইণ্ট ক্লেয়াৰে৷ ক্লেয়াৰক পুনৰ অন্তঃসত্ত্বা হোৱাৰ বাবে মাস্কে প্রস্তাৱ দিয়া বুলিও সংবাদ পত্রখনৰ প্রতিবেদনত দাবী কৰা হৈছে৷ বিশ্বজুৰি সন্তান জন্মৰ হাৰ হ্রাস পোৱা বিষয়টোত উদ্বিগ্ণ হৈয়ে মাস্কে এনে কাম কৰা বুলি কাকতখনে দাবী কৰিছে৷

You might also like