য়েমেনত আমেৰিকাৰ বোমাবর্ষণ, ৮০জনৰ প্ৰাণহানি
🔹 যোগ্য প্রত্যুত্তৰ দিয়া হ’ব আমেৰিকাক, হুথীৰ হুংকাৰ
নিউজ ডেস্ক, ১৯ এপ্রিল : য়েমেনত আমেৰিকাৰ ভয়াৱহ আক্রমণ! আমেৰিকাৰ বোমাবর্ষণত ৰক্তাক্ত হৈ পৰিছে লোহিত সাগৰৰ উপকূলৰ দেশখন৷ মার্কিন সেনাৰ এই বোমাবর্ষণত নিহত হৈছে কমপক্ষেও ৮০জন৷ আহত হৈছে ডেৰ শতাধিক৷ এই আক্রমণৰ প্রতিশোধ লোৱাৰ হুংকাৰ দিছে ইৰান সমর্থনপুষ্ট য়েমেনৰ সশস্ত্র সংগঠন হুথীয়ে৷ লোহিত সাগৰৰ তীৰত য়েমেনৰ হোদেইদাত সশস্ত্র সংগঠন হুথীৰ ইন্ধনৰ উৎসক লক্ষ্য হিচাপে বাছি লৈ আক্রমণ চলাইছিল মার্কিন বায়ুসেনাই৷ বিগত কেইবাদিনো ধৰি এই ঘাটিৰ ওপৰত নজৰ ৰাখিছিল মার্কিন সেনাই৷ কালি হঠাতে এই অঞ্চলটোত ধাৰাসাৰ বোমাবর্ষণ কৰে মার্কিন বাহিনীয়ে৷ ইয়াৰ লগে লগে য়েমেনত এখন পূর্ণাংগ যুদ্ধৰ সূত্রপাত ঘটিল বুলি ধাৰণা কৰিছে সামৰিক বিশেষজ্ঞসকলে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ এই বিধ্বংসী আক্রমণৰ পাছতে হুথীয়ে ইয়াৰ প্রতিশোধ লোৱা হ’ব বুলি হুংকাৰ দিছে৷ ২০২৩ চনত ইজৰাইলে গাজাৰ ওপৰত যুদ্ধ আৰম্ভ কৰাৰ পাছতে লোহিত সাগৰত বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ ওপৰত বোমা আৰু ক্ষেপণাস্ত্রৰে আক্রমণ চলাবলৈ লয় হুথীয়ে৷ হুথীৰ এই আক্রমণৰ ফলত গুৰুত্বপূর্ণ সামুদ্রিক বাণিজ্য পথ ব্যাহত হৈছে৷ আমেৰিকা, ব্রিটেইনসহ বিভিন্ন দেশৰ পণ্যবাহী জাহাজৰ ওপৰত আক্রমণ চলাইছে হুথীয়ে৷ ইয়াৰ পাছতে য়েমেনত থকা হুথীৰ ঘাটিলৈ লক্ষ্য কৰি আক্রমণ চলাই আহিছে মার্কিন বাহিনীয়ে৷ এইবাৰ হুথীৰ বিৰুদ্ধে মোক্ষম আঘাত হানিছে মার্কিন বায়ুসেনাই৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, হুথীৰ তেল বন্দৰত মার্কিন বাহিনীৰ চেন্ট্ৰেল কমাণ্ডে আক্রমণ চলায়৷ বিস্ফোৰণত কঁপি উঠে সমগ্র অঞ্চল৷ ইফালে, আক্রমণৰ পাছতেই হুথীৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে যে আমেৰিকাক ইয়াৰ যোগ্য প্রত্যুত্তৰ দিয়া হ’ব৷ আক্রমণৰ প্রতিশোধ যিকোনো মুহূর্ততে লোৱা হ’ব বুলি হুথীৰ তৰফৰ পৰা এক বিবৃতিত প্রকাশ কৰা হৈছে৷