নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেটিকান চহৰত জীৱনাৱসান পোপ ফ্ৰান্সিছৰ, শোকগ্ৰস্ত ১৪ কোটি কেথলিক

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৮৮ বছৰ বয়সত মৃত্যু হল পোপ ফ্ৰান্সিছৰ। পোপ ফ্ৰান্সিছ নিউমোনিয়াত আক্ৰান্ত আছিল। ভেটিকান চহৰত তেওঁ শেষ উশাহ লয়। তেওঁৰ মৃত্যুৰ খবৰে ১৪ কোটি লোকৰ কেথলিক সম্প্ৰদায়ক শোকগ্ৰস্ত কৰিছে। ১৪ ফেব্ৰুৱাৰীত পোপ ফ্ৰান্সিছক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ অৱস্থাৰ উন্নতি হোৱা নাছিল।

প্ৰতিবেদন অনুসৰি পোপ ফ্ৰান্সিছৰ মৃত্যুৰ কথা ঘোষণা কৰিছে ৱাটকিনৰ কাৰ্ডিয়ান কেভিন ফেৰেলে। যোৱা সপ্তাহত পিটাৰ স্কোৱাৰত দেওবাৰৰ প্ৰাৰ্থনা আৰু কেথলিক গীৰ্জাৰ জয়ন্তী বৰ্ষ উপলক্ষে মিছৰ নেতৃত্ব দিব পৰা নাছিল পোপ ফ্ৰান্সিছে। তেওঁৰ স্বাস্থ্য বৰ বেয়া আছিল। পোপ ফ্ৰান্সিছক চিকিৎসকে জিৰণি ল’বলৈ পৰামৰ্শ দিছিল। নিউমোনিয়াৰ বাবে পোপ ফ্ৰান্সিছে প্ৰায় ৩৮ দিন চিকিৎসালয়ত কটায়।

পোপ ফ্ৰান্সিছ হাওঁফাওঁৰ ৰোগত আক্ৰান্ত আছিল। শৈশৱতে তেওঁৰ এটা হাওঁফাওঁ আঁতৰাই পেলোৱা হৈছিল। এতিয়ালৈকে তেওঁ কেৱল এটা হাওঁফাওঁৰ সহায়ত জীয়াই আছিল। কিন্তু ডাবল নিউমোনিয়াৰ বাবে সমস্যাটো বহুত বৃদ্ধি পালে। তেওঁক গেমেললি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

You might also like