নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন বহিব ধোনীৰ নামাংকিত আসনত, মুম্বাই ক্রিকেট সন্থাৰ বৈঠকত গ্রহণ কৰিলে সিদ্ধান্ত

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ৱাংখেড়েত মহেন্দ্র সিং ধোনীৰ নামত আছে দুখন আসন৷ ২০১১ চনৰ বিশ্বকাপত ভাৰতক ছিক্সাৰ কোবাই বিজয় উপহাৰ দিয়া বলটো এই দুখন আসনত পৰিছিল৷ সেই আসন দুখনত কোন বহিব সেই কথা স্থিৰ কৰিছে মুম্বাই ক্রিকেট সন্থাই৷ সন্থাটোৱে তেওঁলোকৰ ১৬ আৰু ১৯ বছৰ অনূর্ধ্ব কিছুসংখ্যক ক্রিকেটাৰক বৃত্তি প্রদান কৰে৷ সেই ক্রিকেটাৰসকলৰ বাবে ধোনীৰ নামাংকিত আসন দুখন সংৰক্ষণ কৰিছে মুম্বাই ক্রিকেট সন্থাই৷ সন্থাৰ সভাপতি আজিংক নায়কে সংবাদ মাধ্যমৰ আগত কয়– ‘ধোনীৰ নামত সংৰক্ষিত আসনকেইখনত মুম্বাইৰ হৈ ১৬ আৰু ১৯ অনূর্ধ্ব দলৰ হৈ বৃত্তি লাভ কৰা খেলুৱৈসকলক বহিবলৈ দিয়া হ’ব৷ অৱশ্যে এই বছৰ এই আসন কেইখনৰ টিকট বিক্রী কৰা নহয়৷ তৰুণ ক্রিকেটাৰসকলে যাতে আগন্তুক সময়ত ডাঙৰ ক্রিকেটাৰ হোৱাৰ অনুপ্রেৰণা লাভ কৰে তাৰ বাবেই তেওঁলোকক এই আসনত বহিবলৈ দিয়া হ’ব৷ উল্লেখ্য যে ৱাংখেড়েত শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ আৰু বিজয় মার্ছেণ্টৰ নামত যিদৰে ষ্টেণ্ড আছে সেইদৰে প’লি উমৰিগৰ আৰু ভিনু মানকাদৰ নামত আছে ষ্টেডিয়ামৰ দ্বাৰ৷ ৱাংখেড়েত ৰোহিত শর্মাৰ নামত ষ্টেণ্ড নামকৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মুম্বাই ক্রিকেট সন্থাই৷ তদুপৰি, অজিত ৱাডেকাৰ আৰু শাৰদ পাৱাৰৰ নামতো কৰা হ’ব ষ্টেণ্ড৷ প্রাক্তন ক্রিকেটাৰৰ নামত এনেদৰে ভাৰতৰ বিভিন্ন ঠাইত ষ্টেণ্ড নামকৰণ কৰা হৈছে৷ কিন্তু ৱাংখেড়েতে কোনো ক্রিকেটাৰৰ নামত প্রথমবাৰৰ বাবে দর্শকৰ আসনৰ নামকৰণ কৰা হয়৷ ধোনীয়ে কোবোৱা ছিক্সাৰৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে এনে সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ১৯৯৩ চনত মেলবর্ন ক্রিকেট ষ্টেডিয়ামত এখন চকীত হালধীয়া ৰং কৰা হৈছিল৷ এই চকীখনত ছাইমন অডনেলে কোবোৱা ১২২ মিটাৰ উচ্চতাৰ এটা ছিক্সাৰ পৰিছিলগৈ৷ ভিক্টোৰিয়াৰ হৈ তেওঁ নিউ ছাউথ ৱেলছৰ বিৰুদ্ধে এই ছিক্সাৰ কোবাইছিল৷ ২০১৮ চনত মেলব’নৰ এটিহাড ষ্টেডিয়ামৰ এখন চকীত ব্রেড হজৰ এটি ছিক্সাৰ গৈ পৰাত চকীখনৰ ৰং ৰঙা কৰা হৈছিল৷

You might also like