ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিলৈ উভতিল শ্রেয়াছ–ঈশান
🔹 স্থান নাপালে অসম-সন্তান ৰিয়ান পৰাগে
নিউজ ডেস্ক, ২২ এপ্রিল : জল্পনা–কল্পনাৰ অন্তত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ কেন্দ্রীয় চুক্তি৷ ২০২৪–২৫ বর্ষৰ বাবে ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱর্তন৷ মুঠ ৪টা গ্রেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে, বাদ পৰিছে কেইবাজনো খেলুৱৈ৷ নতুন চুক্তিত মুঠ ৩৪গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷ ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিলৈ পুনৰ উভতিল দুই তাৰকা খেলুৱৈ শ্রেয়াছ আয়াৰ আৰু ঈশান কিষণ৷ বিচিচিআইৰ এই নতুন কেন্দ্রীয় চুক্তিত ৩৪গৰাকী খেলুৱৈক ৪টা গ্রেডত ভাগ কৰা হৈছে৷ প্রতিজন খেলুৱৈক তেওঁৰ গ্রেড অনুযায়ী বিচিচিআয়ে বার্ষিক পাৰিশ্রমিক প্রদান কৰিব৷ চুক্তিৰ শীর্ষস্থানৰ ‘এ’ প্লাছ গ্রেডত স্থান লাভ কৰা খেলুৱৈক সর্বাধিক ৭ কোটি টকা দিয়া হয়৷ আনহাতে, ‘এ’ গ্রেডৰ খেলুৱৈসকলে ৫ কোটি, ‘বি’ গ্রেডৰ খেলুৱৈয়ে ৩ কোটি আৰু ‘চি’ গ্রেডত অন্তর্ভুক্ত খেলুৱৈসকলে ১ কোটি টকাকৈ লাভ কৰিব৷ কেন্দ্রীয় চুক্তিৰ ‘এ’ প্লাছ গ্রেডত স্থান লাভ কৰা খেলুৱৈকেইগৰাকী হৈছে ৰোহিত শর্মা, বিৰাট কোহলি, যশপ্রীত বুমৰাহ আৰু ৰবীন্দ্র জাদেজা৷ ইফালে, ‘এ’ গ্রেডত আছে মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হার্দিক পাণ্ডিয়া, মহম্মদ ছামি আৰু ঋষভ পণ্ট৷ বিগত বর্ষৰ চুক্তিৰ পৰা বাদ পৰা শ্রেয়াছ আয়াৰে নতুন কেন্দ্রীয় চুক্তিত ‘বি’ গ্রেডত স্থান লাভ কৰিছে৷ আয়াৰৰ উপৰি এই গ্রেডত অন্তর্ভুক্ত আন চাৰিজন খেলুৱৈ হৈছে সূর্যকুমাৰ যাদৱ, অক্ষৰ পেটেল, কুলদীপ যাদৱ আৰু যশস্বী জয়ছোৱাল৷ আনহাতে, মুঠ ১৯গৰাকী খেলুৱৈয়ে ‘চি’ গ্রেডত স্থান লাভ কৰিছে৷ আয়াৰৰ লগতে বিগত বর্ষৰ চুক্তিৰ পৰা বাদ পৰা ঈশান কিষণ এই গ্রেডত অন্তর্ভুক্ত হৈছে৷ কিষণৰ উপৰি এই গ্রেডত স্থান লাভ কৰিছে ৰিংকু সিং, তিলক বার্মা, ৰুতুৰাজ গাইকোৱাড, শিৱম ডুবে, ৰবি বিষ্ণই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু ছেমছন, অর্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, ৰজত পাটিদাৰ, ধ্রুৱ জুৰেল, ছৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শর্মা, আকাশদীপ, বৰুণ চক্রৱর্তী আৰু হর্ষিত ৰাণাই৷ ইফালে, অসম সন্তান ৰিয়ান পৰাগে নতুন কেন্দ্রীয় চুক্তিত স্থান লাভ কৰিব পাৰে বুলি আশা কৰা হৈছিল যদিও তেওঁৰ নাম বিবেচনা কৰা নহ’ল৷