নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰাপত্তা সংস্থাই প্রকাশ কৰিলে ৪ সন্ত্রাসবাদীৰ আলোকচিত্র

🔹 পেহেলগামৰ বর্বৰ নৰঘাতকক চিনাক্ত

নিউজ ডেস্ক, ২৪ এপ্রিল : জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পর্যটকক বর্বৰতাৰে হত্যা কৰা নৰঘাতকক চিনাক্ত কৰা হৈছে৷ নিৰাপত্তা সংস্থাই এই নৰসংহাৰ চলোৱা ৪ সন্ত্রাসবাদীৰ ফটো মুকলি কৰি দিছে৷ পেহেলগামৰ ভয়াৱহ সন্ত্রাসবাদী আক্রমণৰ তদন্ত ৰাষ্ট্রীয় অনুসন্ধান সংস্থা, চমুকৈ ‘নিয়া’সহ কেইবাটাও তদন্তকাৰী সংস্থাই আৰম্ভ কৰিছে৷ প্রাৰম্ভিক তথ্যত পেহেলগামৰ আক্রমণত স্থানীয়ভাৱে নিযুক্ত দুই সন্ত্রাসবাদীক লগত লৈ সন্দেহযুক্ত পাকিস্তানী সন্ত্রাসবাদীয়ে এই নৰসংহাৰ চলায়৷ স্বয়ংক্রিয় ৰাইফল এ কে–৪৭ৰে অতিকমেও ২০ মিনিট ধাৰাসাৰ গুলীচালনা কৰি পেহেলগামত পর্যটকৰ ওপৰত হত্যালীলা চলোৱা সন্ত্রাসবাদীৰ দলটোত দুই স্থানীয় আৰু দুই পাকিস্তানী সন্ত্রাসবাদী জড়িত থকা বুলি তদন্তকাৰী সংস্থাই প্রকাশ কৰিছে৷ পেহেলগামৰ বাইচ’ৰানত সন্ত্রাসবাদী গোটটোৱে পর্যটকক হিন্দু নে মুছলিম প্রশ্ণ সুধি আনকি বর্বৰ আচৰণ কৰি পুৰুষৰ গুপ্তাংগ পৰীক্ষা কৰি পিছলৈ হিন্দু হ’লে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে৷ স্বয়ংক্রিয় অস্ত্র লৈ পাঠানী পোছাক পৰিধান কৰা এটা সন্ত্রাসবাদীৰ আলোকচিত্রও লাভ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে৷ আক্রমণৰ সময়ত এটা বা দুটা সন্ত্রাসবাদীয়ে ব’ডীকেম লৈ এই হত্যালীলাৰ দৃশ্যও ৰেকর্ডিং কৰিছিল৷ ‘নিয়া’ই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনছিক বিশেষজ্ঞৰ দলে গুলীৰ কার্টিজৰ নমুনা সংগ্রহ কৰিছে৷ পেহেলগামত পর্যটকৰ ওপৰত নিষ্ঠুৰ আক্রমণ সন্দর্ভত এই ঘটনাৰ পৰা সৌভাগ্যক্রমে প্রাণৰক্ষা পৰা পর্যটকে প্রকাশ কৰা মতে, আক্রমণকাৰী সন্ত্রাসবাদীয়ে সেনাৰ পোছাক পৰিধান কৰাৰ লগতে অত্যাধুনিক অস্ত্র আৰু যোগাযোগ সঁজুলি ব্যৱহাৰ কৰিছে৷ প্রাৰম্ভিক তদন্ত মতে, সন্ত্রাসবাদীৰ এই আক্রমণৰ লগত পাকিস্তানৰ প্রত্যক্ষ যোগাযোগ আছে৷ নিষিদ্ধঘোষিত পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ অধীনৰ টি আৰ এফে পেহেলগামৰ এই আক্রমণ সংঘটিত কৰিছে৷ পাকিস্তানৰ পৰা প্রশিক্ষণ আৰু বিত্তীয়ৰ লগতে কৌশলগত সমর্থন পাই থকা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ এই আক্রমণৰ সৈতে জড়িত আছে৷ পেহেলগামৰ এই নৰসংহাৰৰ মাষ্টাৰমাইণ্ড হিচাপে সন্ত্রাসবাদী ছাইফুল্লা খালিদক চিনাক্ত কৰা হৈছে৷ কুখ্যাত লস্কৰ সন্ত্রাসবাদী ছাইফুল্লাই পেহেলগামৰ এই বর্বৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি ‘নিয়া’ই সন্দেহ প্রকাশ কৰিছে৷ ছাইফুল্লা ওৰফে ছাইফুল্লা কছুৰীয়ে বিগত দুমাহ ধৰি অঞ্চলটোত আক্রমণৰ বাবে ব্লু–প্রিণ্ট ৰচনা কৰিছিল বুলিও তথ্য পোহৰলৈ আহিছে৷ এই ব্লু–প্রিণ্টৰ সময়তে সন্ত্রাসবাদী ছাইফুল্লাই পৰিকল্পনাৰ প্রক্রিয়াক লৈ দুবাৰকৈ পাকিস্তানী সেনাৰ শিবিৰো ভ্রমণ কৰিছিল৷ লক্ষণীয় যে লস্কৰ–ই–তৈবাৰ মুৰব্বী কুখ্যাত সন্ত্রাসবাদী হাফিজ ছঈদৰ অতি ঘনিষ্ঠ ছাইফুল্লা৷ নিষিদ্ধ সংগঠনটোৰ উপ–মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰি থকাৰ সমান্তৰালকৈ জম্মু–কাশ্মীৰত সন্ত্রাসবাদী সংগঠন টি আৰ এফ আৰু পিপল্ছ এণ্টি ফেচিষ্ট ফ্রণ্ট, চমুকৈ পি এফ এফ গঠনতো সক্রিয় ভূমিকা লৈছিল৷ লস্কৰৰ প্রক্সি সংগঠন হিচাপে এই দুয়োটাই সন্ত্রাসবাদী কার্যকলাপ চলাই আহিছে৷ ভাৰতবিৰোধী কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্কিত ছাইফুল্লাই পাকিস্তানী সেনাৰ সৈতে অতি ঘনিষ্ঠ৷ পাক অধিকৃত কাশ্মীৰত পাক সেনা আৰু আই এছ আইৰে আয়োজিত সমাৱেশত কুখ্যাত সন্ত্রাসবাদী ছাইফুল্লাই ভাৰতবিৰোধী উচটনিমূলক বক্তব্য আগবঢ়াইছিল বিগত ২ ফেব্রুৱাৰীত৷ এই উচটনিমূলক বক্তব্যত ২০২৬ চনৰ ২ ফেব্রুৱাৰীতে কাশ্মীৰ পাকিস্তানৰ কৰি ল’বলৈ সম্ভৱ হ’ব বুলি হুংকাৰ দিছিল৷ তদুপৰি জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি কৰা হ’ব বুলিও মন্তব্য দিছিল৷ মন কৰিবলগীয়া যে দুমাহ পূর্বে ছাইফুল্লাই পাকিস্তানৰ পঞ্জাবৰ কংগনপুৰত সেনাৰ কার্যসূচীত অংশ লৈছিল৷ এই কার্যসূচীত কুখ্যাত সন্ত্রাসবাদী ছাইফুল্লাক হিৰ’ৰ মর্যাদা দিছিল পাক সেনাই৷ ফুল ছটিয়াই আদৰণি জনাইছিল সন্ত্রাসবাদী ছাইফুল্লাক৷ জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ প্রসাৰিত কৰাত ছাইফুল্লাক সকলো দিশেৰে সহায় কৰি আহিছে পাক সেনাই৷ ইপিনে, পেহেলগামত সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে৷ বাৰামূলাৰ নিয়ন্ত্রণ ৰেখাৰ সমীপত কালি সেনাই দুই সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷ আনপিনে কুলগাম জিলাতো কালি সন্ত্রাসবাদী গোট আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হয়৷ এই সংঘর্ষত হতাহতৰ তথ্য এতিয়াও প্রকাশ পোৱা নাই৷

You might also like