নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাছিলিকালৈ স্থানান্তৰ পোপ ফ্রান্সিছৰ মৃতদেহ

🔹 ২০ হাজাৰ অনুৰাগীৰ উপস্থিতিত খোলা কফিন লৈ শোক সমদল

নিউজ ডেস্ক, ২৪ এপ্রিল : কেথলিক খ্রীষ্টানৰ মুৰব্বী পোপ ফ্রান্সিছৰ মৃতদেহ কালি ভেটিকানৰ বাসস্থানৰ পৰা ছেইণ্ট পিটার্ছ বাছিলিকালৈ অনা হয়৷ অনুৰাগীসকলৰ শেষ শ্রদ্ধাৰ বাবে ছেইণ্ট পিটার্ছ বাছিলিকাত ৰখা হৈছে পোপ ফ্রান্সিছৰ মৃতদেহ৷ উল্লেখনীয় যে অহা শনিবাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব পোপ ফ্রান্সিছৰ৷ কালি পুৱা ২০ সহস্রাধিক ভক্ত তথা অনুৰাগীৰ উপস্থিতিত এক শোক সমদল কৰি ছেইণ্ট পিটার্ছ স্কোৱাৰেৰে পোপ ফ্রান্সিছৰ খোলা কফিন লৈ অহা হয় নির্দিষ্ট স্থানলৈ৷ ভেটিকানৰ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি কালি শেষ শ্রদ্ধাৰ বাবে এনেদৰে পোপ ফ্রান্সিছৰ মৃতদেহ খোলা কফিনত ৰখাৰ লগে লগে হাজাৰ হাজাৰ অনুৰাগী উপস্থিত হয়৷ উল্লেখনীয় যে খ্রীষ্টধর্মৰ মুৰব্বীগৰাকীক কালি শাৰী পাতি ভক্তসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ অহা শনিবাৰলৈ বিশ্বৰ বিভিন্ন দেশৰ খ্রীষ্টান ধর্মাৱলম্বী লোকে পোপ ফ্রান্সিছক অন্তিম শ্রদ্ধা জ্ঞাপন কৰিব৷ লক্ষণীয়ভাৱে পোপ ফ্রান্সিছৰ শেষকৃত্যত বিভিন্ন দেশৰ শীর্ষ নেতা উপস্থিত থাকিব বুলি ইতিমধ্যে সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই ৰাষ্ট্র নেতাসকলৰ তালিকাত আছে মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰো নাম৷ উল্লেখনীয় যে কালি শোক সমদল কৰি ভেটিকানৰ পৰা ছেইণ্ট পিটার্ছ বাছিলিকালৈ পোপৰ মৃতদেহ কঢ়িয়াই অনাৰ সময়ত ইটালীৰ পৰম্পৰাগতভাৱে পোছাক পৰিধান কৰি অনুৰাগীসকলে শ্রদ্ধা নিবেদন কৰে পোপলৈ৷ স্মর্তব্য যে যোৱা সোমবাৰে ৮৮ বছৰীয়া পোপ ফ্রান্সিছৰ দেহাৱসান ঘটিছিল৷ দীর্ঘদিন ধৰি নিউম’নিয়া ৰোগত আক্রান্ত হৈ ইটালীৰ হাস্পতালত চিকিৎসা গ্রহণ কৰিছিল পোপ ফ্রান্সিছে৷ কেইদিনমান পূর্বে হাস্পতালৰ পৰা আৰোগ্য হৈ ভেটিকানৰ বাসস্থানলৈ গৈছিল পোপ ফ্রান্সিছ৷ কিন্তু যোৱা সোমবাৰে খ্রীষ্টধর্মৰ মুৰব্বীগৰাকীয়ে ষ্ট্রোকত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে৷ স্মর্তব্য যে কেথলিক গির্জাৰ প্রথমগৰাকী লেটিন আমেৰিকান শীর্ষ ধর্মীয় নেতা আছিল পোপ ফ্রান্সিছ৷

You might also like