এতিয়া সন্মান ৰক্ষাৰ বাবে যুঁজিব লাগিব : ৰিয়ান
🔹 পইণ্ট তালিকাৰ শীর্ষ চাৰিত প্রৱেশৰ আশা বাদ
নিউজ ডেস্ক, ২৬ এপ্রিল : ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত পৰাস্ত হৈ আইপিএলৰ পইণ্ট তালিকাৰ শীর্ষ চাৰিত স্থান লাভৰ সকলো আশা এৰি দিলে ৰিয়ান পৰাগে৷ ৰাজস্থান ৰয়েলছৰ সহঃ অধিনায়কগৰাকীয়ে সন্মান ৰক্ষাৰ বাবে প্রতিযোগিতাখনৰ বাকী থকা মেচসমূহ খেলিব বুলি জানিবলৈ দিয়ে৷ আঘাতৰ বাবে খেলিব পৰা নাই ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেমছনে৷ দলটোক নেতৃত্ব দিছে ৰিয়ান পৰাগে৷ ৰাহুল দ্রাবিড়ৰ দলটোৱে প্রায়বোৰ মেচতে আশা কৰা ধৰণে প্রদর্শন কৰিবলৈ সক্ষম হোৱা নাই৷ বেংগালুৰুৰ হাতত ১১ ৰানত পৰাস্ত হোৱাৰ পাছত ৰাজস্থান দলটোৰ অধিনায়ক ৰিয়ানে কয় যে আমি এতিয়া সন্মানৰ বাবে খেলিম৷ যিসকলে আমাক সহায় কৰিছে আৰু আমাৰ বাবে কঠোৰ পৰিশ্রম কৰি আছে তেওঁলোকৰ বাবে আমি খেলিম৷ আমি তেওঁলোকৰ বাবে কিবা এটা কৰা উচিত৷ এনে এটা দলৰ হৈ খেলাৰ সুযোগ পাই আমি কৃতজ্ঞ আৰু গৌৰৱান্বিত৷ আশা কৰোঁ- আগন্তুক বর্ষত আমি বহুত ভাল কৰিব পাৰিম৷ দলটোৰ প্রদর্শন সন্দর্ভত ৰিয়ানে কয় যে আমাৰ বলিং যথেষ্ট ভাল হৈছে৷ কিন্তু বেটিঙত ভাল কৰিব পৰা নাছিলোঁ৷ বিফলতাৰ সম্পূর্ণ দায়িত্ব ল’লে ৰিয়ানে৷