নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৭ এপ্ৰিল : ধুবুৰীত চোৰ-ৰ বিলৈ। দেওবাৰে পুৱাই পুৱাই ধুবুৰীত চোৰৰ বিলৈ। চুৰি কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে চোৰটো। ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডৰ গোৱৰ্ধন গলি অঞ্চলৰ ঘটনা এয়া। অঞ্চলটোৰ এটা গৃহৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ পানী যোগানৰ পাইপত লগোৱা মিটাৰ চুৰি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লোটে ধৰে চোৰটোক। বিগত কেইবাদিনৰ পৰা অঞ্চলটোৰ কেইবাটাও গৃহৰ পানীৰ পাইপৰ মিটাৰ চুৰি হোৱাক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা ক্ষুব্ধ হৈ থকা ৰাইজে চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই ৰছীৰে বান্ধি থয়। ঘটনাটোৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক থানালৈ লৈ যায়। ধৃত যুৱকজন চহৰখনৰ পাৰ্শ্বৱৰ্তী নিউঘাট অঞ্চলৰ ফাৰুক শেখ বুলি প্ৰকাশ।
Prev Post
Next Post
You might also like