নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় পাকিস্তানী

ভাৰতীয় পাকিস্তানী

আন যি কাৰণ ব্যাখ্যা কৰাই নহওক কিয়, ধর্মৰ ভিত্তিতে বিভাজন হৈছিল দেশ৷ দেশ বিভাজন হোৱাৰ পিছত পাকিস্তান আৰু পূব পাকিস্তান সৃষ্টি হৈছিল ধর্মৰ আধাৰতে৷ মুছলমানসকলৰ বাবেই বিশাল ভাৰতৰ ভূ–খণ্ডক দ্বিখণ্ডিত কৰি জন্ম হৈছিল পাকিস্তানৰ৷ কোটি কোটি মুছলমানে পাকিস্তানকে নিজৰ দেশ বুলি আঁকোৱালি লৈ জন্মভূমি ভাৰত এৰি সেই দেশলৈ চিৰদিনলৈ গুচি গৈছিল৷ বহু মুছলমানে দেখদেখকৈ ধর্মৰ আধাৰত গঠিত পাকিস্তানক নিজ দেশ বুলি স্বীকৃতি দিছিল যদিও  অতি দৃষ্টিকটুভাৱে পাকিস্তানৰ সমর্থক তথা পাকিস্তানৰ প্রতি সমর্থনপুষ্ট একাংশ ৰৈ গৈছিল ভাৰতত৷ সেই একাংশই এতিয়াও ভাৰততকৈ পাকিস্তানকহে তেওঁলোকৰ ধর্মদেশ বুলি গণ্য কৰে৷ প্রতিবাৰ ভাৰত–পাকিস্তানৰ মুখামুখিত এই কথা অতি নির্লজ্জভাৱে প্রকাশ কৰি আহিছে এই ধর্মান্ধসকলে৷ সেয়া লাগিলে ক্রিকেট যুদ্ধই হওক অথবা সামৰিক যুদ্ধই হওক৷ ক্রিকেটৰ পথাৰত ভাৰত যদি কেতিয়াবা পাকিস্তানৰ হাতত পৰাস্ত হয়, তেন্তে এই দেশবিভীষণ ধর্মান্ধসকলে ফটকা ফুটায়, নাচ–গান কৰি স্বতঃস্ফূর্তভাৱে আনন্দত মতলীয়া হৈ তেওঁলোকৰ পাকিস্তানপ্রেম প্রকাশ কৰি আহিছে৷ পূর্বৰ চিৰপৰিচিত সেই দৃশ্য পোৱা গৈছে যোৱা ২২ এপ্রিলত কাশ্মীৰৰ পেহেলগামত মুছলমান সন্ত্রাসবাদীয়ে নিৰীহ ২৬জন পর্যটকক হত্যা কৰাৰ পিছতে৷ সেই বর্বৰ হত্যালীলাৰ আঁৰত স্পষ্টভাৱে পাকিস্তান প্রেৰিত সন্ত্রাসবাদী জড়িত থকাটো প্রমাণ হোৱাৰ পিছতো এই ঘৰবিভীষণ ধর্মান্ধসকলে পাকিস্তানক ধিক্কাৰ দিয়াৰ সলনি প্রত্যক্ষ বা পৰোক্ষভাৱে কেন্দ্রীয় চৰকাৰৰ দোষ–ত্রুটিৰহে অপপ্রচাৰ চলাই আছে৷ ইতিপূর্বে সাধাৰণতে হোৱাৰ দৰে এই মুছলমান ধর্মান্ধসকলৰ সুৰতে সুৰ মিলাই সন্ত্রাসবাদীসকলৰ পৰোক্ষ সমর্থনত জাকি মাৰি ওলাই আহিছে একাংশ বাঁও ভাবাপন্ন প্রগতিবাদী৷ মূল বিষয়টোৰ পৰা দৃষ্টি নিলগাই নি দেশৰ বিৰুদ্ধে প্রত্যক্ষভাৱে প্রপাগণ্ডাত লিপ্ত হৈছে এই পাকিস্তানপ্রেমীসকল৷ ভাৰতৰ বায়ু–পানী সেৱন কৰি খোদ ভাৰতৰ বিৰুদ্ধেই অপপ্রচাৰত লিপ্ত হৈ বিশ্বত ভাৰতক কলংকিত কৰিব খোজা এই ‘ভাৰতীয় পাকিস্তানী’সকলৰ একমাত্র লক্ষ্যই হ’ল ভাৰতক মানসিকভাৱে দুর্বল আৰু হেয় প্রতিপন্ন কৰা৷ ইতিমধ্যে এই ছায়াযুদ্ধত কিছু সফলো হৈছে দেশমাতৃৰ শত্রু এই ভাৰতীয় পাকিস্তানীসকল৷

কিন্তু এইবাৰ পৰিস্থিতি পৃথক৷ পেহেলগাম বর্বৰতাৰ পিছতে সতর্ক হৈ পৰিছে কেন্দ্রীয় চৰকাৰ৷ সমান্তৰালভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰো হৈছে কঠোৰ৷ পেহেলগামৰ ঘটনাৰ পিছতে মুখ্যমন্ত্রী ড০ শর্মাই সকলো পক্ষক সকীয়াই দি ঘোষণা কৰিছিল যে দেশমাতৃৰ বিৰুদ্ধে প্রত্যক্ষ বা পৰোক্ষভাৱে অপপ্রচাৰত লিপ্ত হ’লে লোৱা হ’ব কঠোৰ পদক্ষেপ৷ মুখ্যমন্ত্রীৰ এই কঠোৰ স্থিতিৰ বাস্তৱিক ৰূপ দেখা পোৱা গৈছে এই ঘোষণাৰ পিছদিনাৰ পৰাই৷ যোৱা দুটা দিনত পাকিস্তান সমর্থনকাৰী ১৫জনকৈ ভিন্ন পেছাৰ লোকক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ কালি আন দুজন লোকো আৰক্ষীৰ জালত পৰিছে৷ পেহেলগামৰ বর্বৰোচিত নৰসংহাৰ প্রসংগত সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক সমর্থন কৰি আৰক্ষীৰ হাতত এজন বিধায়কসহ ইজনৰ পিছত সিজন দেশদ্রোহী ধৰা পৰাটোৱে পৰিষ্কাৰ কৰিছে অসম তথা দেশত এতিয়াও কি হাৰত ভাৰতীয় পাকিস্তানীসকল সক্রিয় হৈ আছে৷ স্বাভাৱিকভাৱেই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা চিৰশত্রু ৰাষ্ট্র পাকিস্তানৰ সমর্থক এই ভাৰতীয় পাকিস্তানীসকলৰ গৰিষ্ঠসংখ্যকেই মুছলমান৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতেই সামাজিক মাধ্যমত পাকিস্তানৰ হকে প্রত্যক্ষ বা পৰোক্ষভাৱে প্রচাৰ চলাই অহা এই ভাৰতীয় পাকিস্তানীসকলৰ প্রচাৰৰ চোক হ্রাস পাইছে অথবা সংযত হৈছে৷ আনহাতে ২২ এপ্রিলৰ পিছত সামাজিক মাধ্যমত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা একাংশই এতিয়া নিশাটোৰ ভিতৰতে ৰূপ সলাই দেশমাতৃৰ বন্দনাত গদগদ হৈ পৰিছে৷ আনকি এই চামটোৱে এতিয়া পাকিস্তানৰ বিৰুদ্ধে এখন প্রত্যক্ষ সামৰিক যুদ্ধৰো দাবী জনাইছে৷ কিন্তু আমি পাহৰি গ’লে নহ’ব যে সুযোগসন্ধানী এই ভাৰতীয় পাকিস্তানীসকলৰ এই স্বভাৱ পৰিৱর্তন সাময়িকহে আৰু পৰিস্থিতি কিছু অনুকূল হ’লেই পুনৰ পাকিস্তানৰ সমর্থনত উদ্বাউল হৈ পৰিব৷

You might also like