দিল্লী–মহাৰাষ্ট্রত আছে দহ হাজাৰ পাকিস্তানী
🔹 গৃহ মন্ত্রালয়ৰ নির্দেশৰ পিছতে চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক, ২৮ এপ্রিল : দেশৰ সমস্ত প্রান্তত থকা পাকিস্তানী নাগৰিকসকলক চিহ্ণিত কৰি দেশলৈ ওভতাই পঠিওৱাৰ নির্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷
ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কঠোৰভাৱে এই নির্দেশ কার্যকৰী কৰিবলৈ নিজাববীয়াকৈ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে বার্তালাপ কৰিছে৷ ইয়াৰ পিছতে ৰাজ্যসমূহত বাছি বাছি পাকিস্তানী নাগৰিকসকলক চিহ্ণিত কৰি গৃহভূমিলৈ বিতাড়নৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ সেই তথ্য অনুসৰি মহাৰাষ্ট্রত পাঁচ সহস্রাধিক পাকিস্তানী নাগৰিকে বাস কৰি আছে৷ ইয়াৰ উপৰি দেশৰ ৰাজধানী দিল্লীতো আছে পাঁচ হাজাৰ পাকিস্তানী নাগৰিক৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছত ভাৰত ত্যাগ কৰাৰ নির্দেশ দিয়া হৈছে পাকিস্তানী নাগৰিকসকলক৷
এনে পৰিস্থিতিত বিভিন্ন ৰাজ্যত থকা পাকিস্তানীসকলক চিনাক্ত কৰা হৈছে৷ এই প্রক্রিয়া আৰম্ভ হোৱাৰ সময়তে দিল্লী আৰু মহাৰাষ্ট্রত দহ সহস্রাধিক পাকিস্তানী নাগৰিকে বাস কৰি থকাৰ তথ্য পোহৰলৈ আহিছে৷ ইতিমধ্যে এই নাগৰিকসকলক বিতাড়নৰ প্রক্রিয়া আৰম্ভ কৰিছে প্রশাসনে৷