নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মাতৃক এৰি পাকিস্তানলৈ উভতিল ২ শিশু

🔹 ভিছা বাতিলৰ নির্দেশৰ পাছতেই মাতৃ–সন্তানৰ বিচ্ছেদ

নিউজ ডেস্ক, ২৮ এপ্রিল : ভাৰতীয় মাতৃক এৰি পাকিস্তানলৈ উভতিল ২ শিশু। দুই প্রতিৱেশী দেশৰ সংঘাত-এ পৃথক কৰি দিলে মাতৃ আৰু সন্তানক! পেহেলগামত সন্ত্রাসবাদী আক্রমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে সাতটা পর্যায়ৰ ‘প্রত্যাঘাত’ আৰম্ভ কৰিছে ভাৰতে৷ তাৰ ভিতৰত অন্যতম হৈছে পাক নাগৰিকসকলৰ ভিছা বাতিলৰ সিদ্ধান্ত৷ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে পাকিস্তানীসকলক দিয়া ভাৰতৰ ভিছা বাতিল হ’ব৷ এই ঘোষণাৰ পিছতেই শীঘ্রে ভাৰত ত্যাগ কৰিবলৈ লৈছে ভিছা লৈ ভাৰতলৈ অহা পাকিস্তানীসকলে৷ সেই একেটা কাৰণতেই ভাৰতীয় নাগৰিক মাতৃক দিল্লীত এৰি কান্দি কান্দি পাকিস্তানলৈ উভতি যাবলগীয়া হ’ল দুটি শিশু৷ দিল্লীত মামাকৰ ঘৰ আছে এঘাৰ বছৰীয়া জৈনব আৰু আঠ বছৰীয়া জানিছৰ৷ এমাহ পূর্বে অসুস্থ আইতাকক চাবলৈ মাতৃৰ সৈতে আহিছিল পাকিস্তানৰ জৈনব আৰু জানিছ৷ জৈনব আৰু জানিছৰ মাতৃ হৈছে ভাৰতীয় নাগৰিক৷ ইয়াতেই সৃষ্টি হয় সমস্যা৷ পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰাৰ নির্দেশ গৃহ মন্ত্রালয়ে দিয়াৰ লগে লগে জৈনব আৰু জানিছৰ ইয়াত থকাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হয়৷ ইফালে, ভাৰতীয় নাগৰিকসকলকো এই মুহূর্তত পাকলৈ যোৱাৰ অনুমতি দিয়া নাই চৰকাৰে! গতিকে ২ পাকিস্তানী সন্তানৰ ভাৰতীয় মাতৃ ইয়াতেই থাকিবলগীয়া হ’ল৷ অর্থাৎ মাতৃক এৰি ২ শিশুৱে যাত্রা কৰিবলগীয়া হ’ল পাকিস্তানলৈ৷

You might also like