পাকিস্তান-ক এঘৰীয়া কৰক
ধর্মৰ নামত সন্ত্রাসবাদৰ বিষবাষ্প বিয়পাই এতিয়া নিজৰ কবৰ নিজে খান্দিছে পাকিস্তান-এ৷ কাশ্মীৰৰ পেহেলগামত ২২ এপ্রিলত ২৬গৰাকী নিৰীহ পর্যটকক নৃশংসভাৱে হত্যা কৰাৰ অন্তৰালত যে পাকিস্তানৰ প্রত্যক্ষ হাত আছে সেয়া উন্মোচন হৈছে৷ পাকিস্তানৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ সহযোগী ‘দ্য ৰেজিষ্টেঞ্চ ফ্রণ্ট’ (টিআৰএফ)–এ এনে নাৰকীয় কাণ্ডৰ দায়িত্ব লৈছে৷ পেহেলগামত ধর্মভিত্তিক চিনাক্ত কৰি সন্ত্রাসবাদী সংগঠনটোৱে সংঘটিত কৰা নৰসংহাৰ কাণ্ডক বিশ্বই ধিক্কাৰ দিছে৷ এনে পাশৱিকতাক লৈ দেশজুৰি ক্ষোভৰ জুই জ্বলিছে৷ চুবুৰীয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাইজ৷ পেহেলগামত মাথোঁ হিন্দু পর্যটকক আক্রমণৰ লক্ষ্যৰূপে গ্রহণ কৰাৰ পৰিণাম কি হ’ব পাৰে সেয়া পাকিস্তান অথবা চুবুৰীয়া দেশখনৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠনটোৱে নুবুজা নহয়৷ এনে কাণ্ড পৰিকল্পিতভাৱে যে সংঘটিত কৰিছে সেয়া ক্রমে স্পষ্ট হৈছে৷ কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্রত্যাহাৰৰ পিছত দেশৰ ভূ–স্বর্গত শান্তি আৰু প্রগতিৰ বাট প্রশস্ত হৈছে৷ কেইবা দশকজোৰা হিংসা–হত্যাৰ ক’লীয়া ডাৱৰ আঁতৰি যোৱাৰ লগে লগে প্রকৃতিৰ সৰগ কাশ্মীৰলৈ দেশ–বিদেশৰ পর্যটকৰ সোঁত আৰম্ভ হৈছে৷ ইয়াৰ লগে লগে বিশ্বৰ মানচিত্রত নৱৰূপ ধাৰণ কৰা জম্মু–কাশ্মীৰৰ পর্যটন উদ্যোগৰ জৰিয়তে স্থানীয় লোকসকলৰ কর্মসংস্থাপনৰ বাট মুকলি হৈছে৷ কাশ্মীৰত শান্তি আৰু প্রগতিৰ পথ প্রশস্ত হোৱাটো কোনো কাৰণতে বিচৰা নাই চিৰবৈৰী পাকিস্তানে৷ কাশ্মীৰৰ পর্যটন উদ্যোগ ধ্বংস কৰাৰ লক্ষ্যৰে পাকিস্তানে তেওঁলোকৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠনৰ জৰিয়তে পেহেলগামত বাছি বাছি হিন্দু পর্যটকসকলক হত্যা কৰি কুখ্যাতি ৰচিলে৷ পেহেলগামৰ নৰসংহাৰৰ তিনি দিন পূর্বে পাকিস্তানী সেনাৰ মুৰব্বীজনে মন্তব্য কৰিছিল যে হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সম্ভৱ নহয়৷ দুয়োটা ধর্মৰ লোকৰ বাবে মৌলিক পার্থক্য আছে৷ পাক সেনাৰ মুৰব্বীজনৰ প্রৰোচনামূলক বক্তব্যৰ তিনিদিন পিছতেই পেহেলগামত সংঘটিত হৈছে নাৰকীয় কাণ্ড৷ চুবুৰীয়া পাকিস্তান এনে এখন দেশ যিখন দেশে দশক দশক ধৰি সন্ত্রাসবাদী সংগঠনসমূহক প্রত্যক্ষভাৱে পৃষ্ঠপোষকতা কৰাই নহয়, বিশ্বৰ বহু দেশত বিভীষিকা সৃষ্টি কৰি আহিছে৷ সন্ত্রাসবাদ নির্মূলৰ বাবে বিশ্বই বিগত দুটা দশকত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সময়তে বিপৰীতমুখী স্থিতি গ্রহণ কৰি ইতিমধ্যে এঘৰীয়া হৈছে পাকিস্তান৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানে নিজে নিজৰ কবৰ খান্দিছে৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ সময়ত ধর্মভিত্তিক বিভাজন হৈছিল পাকিস্তান৷ স্বৰাজোত্তৰ সাত দশকৰ ভিতৰত ভাৰতে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থনীতিৰ দেশলৈ উন্নীত হোৱাৰ বিপৰীতে পাকিস্তান গভীৰ অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ ভাৰতৰ তুলনাত চুবুৰীয়া দেশখনত নিত্যপ্রয়োজনীয় খাদ্য–সামগ্রীৰ দাম কেইবাগুণো বৃদ্ধি হৈছে৷ অর্থনৈতিক অনগ্রসৰতাৰ বাবে চুবুৰীয়া দেশখনৰ সর্বসাধাৰণ ৰাইজৰ মাজত ক্ষোভ–সন্তুষ্টি আৰু হতাশাই ছানি ধৰিলেও চৰকাৰখনে কাণসাৰ দিয়া নাই৷ পাকিস্তানৰ সঘন অস্থিৰতাই দেশখনৰ আন্তঃগাঁথনি দিনকদিনে দুর্বল কৰি তুলিছে৷ মাথোঁ ভাৰতবিদ্বেষ আৰু ধর্মীয় জেহাদৰ নামত পাকিস্তানে অধিক শক্তি ক্ষয় কৰিছে৷
চুবুৰীয়া দেশসমূহৰ স’তে সৌহার্দ্যপূর্ণ সম্পর্ক বর্তাই ৰখাটো উভয় দেশৰ বাবে মংগল আৰু লাভজনক৷ আমাৰ দেশৰ সীমান্তত মাথোঁ পাকিস্তান অথবা বাংলাদেশেই নহয়, ভূটান, নেপালকে ধৰি কেইবাখনো দেশ আছে৷ কিন্তু পাকিস্তান আৰু বাংলাদেশৰ সীমান্তৰ জৰিয়তে সন্ত্রাসবাদী আৰু নিষিদ্ধ সামগ্রী সৰবৰাহৰ জৰিয়তে আমাৰ দেশখনে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ দেশ বিভাজনৰ পৰাই পাকিস্তানে ভাৰতত অস্থিৰতা সৃষ্টি কৰিবলৈ মৰণপণ চেষ্টা চলাই আহিছে৷ কিন্তু ভাৰতৰ শক্তিৰ ওচৰত মুকলি যুঁজ কৰিবলৈ চুবুৰীয়া দেশখনৰ সাহস নাই৷ চুবুৰীয়া দেশখনে ধর্মীয় জেহাদৰ নামত সন্ত্রাসৰ বিভীষিকা চলাবলৈ সন্ত্রাসবাদী সংগঠনসমূহক ব্যৱহাৰ কৰি আহিছে দশক দশক ধৰি৷ ১৯৯৩ত মুম্বাইৰ বিস্ফোৰণ, ২০০১ত সংসদ ভৱন আক্রমণ, ২০০৮ত মুম্বাই আক্রমণ, ২০১৬ত উৰিত সেনা শিবিৰত আক্রমণ, ২০১৯ত পুলৱামাত আক্রমণৰ অন্তৰালত আছিল পাকিস্তানে তেওঁলোকৰ মদতপুষ্ট সন্ত্রাসবাদী সংগঠন৷ মুখামুখি যুঁজিবলৈ সাহস নোহোৱা পাকিস্তানে ধর্মীয় জেহাদৰ নামত সন্ত্রাসবাদী সংগঠনক এনে অপকর্ম কৰিবলৈ বাধ্য কৰাইছে৷ সন্ত্রাসবাদীৰ কাৰখানাত পৰিণত পাকিস্তানে কিদৰে জহান্নামৰ পথলৈ গতি কৰিছে সেয়া দেশখনৰ স্বয়ং প্রতিৰক্ষা মন্ত্রী খাৱাজা আছিফৰ এক সাক্ষাৎকাৰত স্পষ্ট হৈছে৷ শেহতীয়াকৈ স্কাই নিউজৰ সাক্ষাৎকাৰত পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রীজনৰ বিস্ফোৰক সাক্ষাৎকাৰ সম্প্রচাৰ হৈছে৷ সাক্ষাৎকাৰটোত মন্ত্রীজনে স্পষ্ট কৰি কৈছে যে তিনি দশক ধৰি পাকিস্তানে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি আহিছে৷ পাকিস্তানক এনে কলংকিত কাণ্ডত আমেৰিকাই জড়িত কৰা বুলিও মন্ত্রীগৰাকীয়ে ব্যক্ত কৰিছে৷ পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রীগৰাকীৰ বক্তব্যই এই কথা প্রমাণ কৰিছে যে আন্তর্জাতিক মঞ্চত চুবুৰীয়া দেশখনৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰে ধাৰাবাহিকভাৱে উত্থাপন কৰি অহা অভিযোগসমূহৰ সত্যতা৷ সন্ত্রাসবাদ এতিয়া বিশ্বজনীন সমস্যা৷ বিগত দুটা দশকত ক্রমাগতভাৱে উগ্রবাদ আৰু সন্ত্রাসবাদৰ বিভীষিকা বহু পৰিমাণে হ্রাস হৈছে৷ বিশ্বৰ অধিকাংশ দেশে সন্ত্রাসবাদ নির্মূলৰ বাবে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লৈছে৷ এইক্ষেত্রত ব্যতিক্রম মাথোঁ পাকিস্তান৷ পাকিস্তানৰ বাহিৰেও বিশ্বৰ বহুসংখ্যক ধর্মভিত্তিক দেশ আছে৷ কিন্তু ধর্মীয় মৌলবাদ অথবা সন্ত্রাসবাদক এতিয়াও উদগনি দি পাকিস্তানে নিজৰ বিপদ নিজে নমাই আনিছে৷ সন্ত্রাসবাদীক পৃষ্ঠপোষকতাৰে বিভীষিকা সৃষ্টি কৰিবলৈ বিচৰা পাকিস্তানক কঠোৰ শাস্তি প্রদানৰ বাবে দেশজুৰি সৰৱ দাবী উত্থাপন হৈছে৷ পেহেলগাম কাণ্ডত জড়িত পাকিস্তানী সন্ত্রাসবাদী সংগঠনে অকল্পনীয় পৰিণাম ভুঞ্জিব লাগিব বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক আশ্বস্ত কৰিছে৷ ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে তৎকালীনভাৱে কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ চুবুৰীয়া দেশখনৰ সকলো ভিছা বাতিল কৰাৰ উপৰি সিন্ধু নৈৰ পানী বিতৰণ চুক্তি প্রত্যাহাৰ কৰিছে৷ চিৰবৈৰী পাকিস্তানী সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ এয়া উপযুক্ত সময়৷ ২০০১ৰ ১১ ছেপ্টেম্বৰত আল–কায়দাই আমেৰিকা আক্রমণ কৰাৰ পিছত সন্ত্রাসবাদী সংগঠনটোৰ মুৰব্বী ওচামা বিন লাডেনক পাকিস্তানত হত্যা কৰিছিল আমেৰিকাই৷ অনুৰূপ কঠোৰ পদক্ষেপ গ্রহণ কৰাটো বিচাৰিছে দেশবাসীয়ে৷ সন্ত্রাসবাদ নির্মূলত দল–মত নির্বিশেষে দেশবাসী ঐক্যবদ্ধ হোৱা উচিত৷ কিন্তু এনে পৰিস্থিতিতো দেশৰ একাংশ লোকে চিৰবৈৰী দেশখনক সহায় কৰি চৰম দেশদ্রোহিতা প্রকাশ কৰিছে৷ এয়া কোনো কাৰণতে সহ্য কৰা উচিত নহয়৷ দুর্ভাগ্যজনক এয়ে যে দেশৰ সংকটকালত অসমৰো একাংশ লোকে এনে দেশবিৰোধী কাম কৰি আছে৷ এইক্ষেত্রত চৰকাৰখনে আইনগত পদক্ষেপ গ্রহণ কৰিছে৷ এতিয়া সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক এঘৰীয়া কৰাই আমাৰ মুখ্য লক্ষ্য হোৱা উচিত৷