নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰীয়া বৈভৱৰ বেটিং তাণ্ডৱত দিশহাৰা গুজৰাট

🔹 আইপিএলত দ্বিতীয় দ্রুত শতক সূর্যবংশীৰ : জয়ী ৰাজস্থান

বিশেষ বাৰ্তা, ২৯ এপ্রিল : ১৪ বছৰীয়া বৈভৱৰ বেটিং তাণ্ডৱত দিশহাৰা গুজৰাট। আইপিএলৰ ইতিহাসত দ্বিতীয় দ্রুত শতক কৰাৰ গৌৰৱ অর্জন কৰিলে ১৪ বছৰীয়া বৈভৱ সূর্যবংশীয়ে৷ চলিত আইপিএলৰ কালি জয়পুৰত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক সহজেই ৮ উইকেটত পৰাস্ত কৰে৷ মেচখনত ৰাজস্থানৰ জয়ৰ মূলতে হ’ল বৈভৱৰ বিস্ফোৰক শতক৷

গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বৈভৱৰ বিস্ফোৰক ১০১ আৰু যশস্বী জয়ছোৱালৰ অপৰাজিত অর্ধশতকৰ সহায়ত গুজৰাটে ১৫.৫ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ মাত্র ৩৫টা বলত শতক অর্জন কৰা বৈভৱৰ ৩৮টা বলৰ ইনিংছটোত আছিল ৭টা চাৰি আৰু ১১টাকৈ সুবিশাল ছয়৷ বৈভৱে মাত্র ১৭টা বলত অর্ধশতক অর্জন কৰি চলিত আইপিএলত দ্রুত অর্ধশতক কৰাৰ গৌৰৱ অর্জন কৰে৷ জয়ছোৱাল আৰু বৈভৱে প্রথম উইকেটৰ যুটিত ১৬৬ ৰান সংগ্রহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল৷ জয়ছোৱালে ৪০টা বলত ৭০ ৰান কৰি অপৰাজিত হৈ থাকে। ইফালে, অসম-সন্তান ৰিয়ান পৰাগে ১৫টা বলত ৩২ ৰান কৰি অপৰাজিত হৈ থাকে৷ নীতিশ ৰাণাই মাত্র ৪ ৰান কৰি পেভিলিয়নমুখী হয়৷

উল্লেখ্য যে আইপিএলৰ ইতিহাসত দ্রুত শতক কৰাৰ নজিৰ আছে ক্রিছ গেইলৰ নামত৷ গেইলে মাত্র ৩০টা বলত শতক অর্জন কৰিছিল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক শুভমন গিল আৰু জ’ছ বাটলাৰৰ অর্ধশতকৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২০৯ ৰান সংগ্রহ কৰে৷ সাই সুদর্শন আৰু গিলে প্রথম উইকেটৰ যুটিত ৯৩ ৰান সংগ্রহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে৷ সুদর্শনে ৩৯ ৰান কৰি বিদায় লয় যদিও গিলে ৫০টা বলত ৫টা চাৰি আৰু ৪টা ছয়েৰে ৮৪ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ আউট হোৱাৰ পূর্বে গিলে বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৭৪ ৰান সংগ্রহ কৰে৷ ইফালে, বাটলাৰে মাত্র ২৬টা বলত ৩টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাৱে ৫০ ৰান কৰি গুজৰাটক সবল স্থিতিত উপনীত কৰায়৷ ৱাশ্চিংটন সুন্দৰে ১৩ আৰু ৰাহুল টেৱাটিয়াই মাত্র ৯ ৰান কৰি বিদায় লয়৷ ৰাজস্থানৰ হৈ মহীশ থীকছানাই সর্বাধিক ২টা উইকেট লাভ কৰাৰ লগতে জ’ফ্রা আর্চাৰ আৰু সন্দীপ শর্মা উভয়ে এটাকৈ উইকেট লাভ কৰে৷

উল্লেখ্য যে গুজৰাটে এতিয়ালৈকে ৯খন মেচৰ পৰা ১২ পইণ্ট সংগ্রহ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে ৰাজস্থানে ১০খন মেচৰ ৩খনত জয়লাভ কৰি ৬ পইণ্ট সংগ্রহ কৰি অষ্টম স্থানলৈ উন্নীত হয়৷

You might also like