নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ নতুন দিল্লী-ৰ

🔹 ভাৰতৰ বিৰুদ্ধে প্রৰোচনামূলক প্রতিবেদন

নিউজ ডেস্ক, ২৯ এপ্রিল : পাকিস্তানৰ ১৬টা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰে নতুন দিল্লী -এ। ভাৰতৰ বিৰুদ্ধে প্রৰোচনামূলক আৰু সংবেদনশীল সাম্প্রদায়িক মিথ্যাচাৰী প্রতিবেদন প্রচাৰৰ বাবে ১৬ পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিলে ভাৰতে৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ পর্যটকৰ ওপৰত বর্বৰ আক্রমণৰ পাছত ভাৰত–পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে পাকিস্তানী ইউটিউব চেনেলে প্রৰোচনামূলক আৰু সাম্প্রদায়িক সংবেদনশীল বিষয় ভুৱা আৰু বিপথগামী বর্ণনা, ভুল তথ্যৰে প্রচাৰ কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অনুমোদন মর্মে কেন্দ্রীয় চৰকাৰে এই ১৬ পাকিস্তানী চেনেল নিষিদ্ধ কৰে৷

নিষিদ্ধ চেনেলৰ ভিতৰত পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰ ছোৱেইব আখতাৰৰ চেনেল এটাও আছে৷ নিষিদ্ধ চেনেলকেইটা হৈছে– ডন নিউজ, ঈর্ছাদ ভাটি, ছামা টিভি, আৰী নিউজ, বল নিউজ, ৰাফটাৰ, পাকিস্তান ৰেফাৰেঞ্চ, জিঅ’ নিউজ, ছামা স্প’ৰ্টছ, জিএনএন, উজাইৰ ক্রিকেট, ওমৰ সীমা এক্সক্লুছিভ, আছমা ছিৰাজী, মুনিব ফাৰুক, ছুন’ নিউজ এইচডি আৰু ৰাজীনামা৷

উল্লেখ্য যে এই চেনেলকেইটাৰ গ্রাহক আৰু অনুৰাগীৰ সংখ্যা ৬৩ নিযুত৷ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক স্থিতি গ্রহণ কৰা কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানী চেনেলকেইটা নিষিদ্ধ ঘোষণা কৰিছে৷

You might also like