নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : প্রতিশোধ-ৰ তৎপৰতা

সম্পাদকীয় : প্রতিশোধ-ৰ তৎপৰতা। কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ ৰক্তস্নানৰ প্রতিশোধ ল’ব ভাৰতে ২৬গৰাকী পর্যটকৰ প্রাণৰ বিনিময়ত ভয়াৱহ মূল্য ভৰিবলগীয়া হ’ব পাৰে পাকিস্তানে৷ শেহতীয়াকৈ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজ বাসভৱনত জৰুৰী বৈঠক আহ্বান কৰি তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীৰ লগতে সেনা সর্বাধিনায়ক (চিডিএছ)ক এই সন্দর্ভত যাৱতীয় সকলো পদক্ষেপ গ্রহণ কৰাৰ বাবে পূর্ণ স্বাধীনতা প্রদান কৰিছে৷ ইয়াৰ পাছতে আৰম্ভ হৈছে তৎপৰতা৷

ইতিমধ্যে পাকিস্তানৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত ভাৰতে দেশখনৰ ওপৰত আক্রমণ চলাব পাৰে৷ ইতিমধ্যে ইছলামাবাদ প্রশাসনে এই সন্দর্ভত সতর্কবার্তা জাৰি কৰিছে৷ লক্ষণীয়ভাৱে সশস্ত্র বাহিনীৰ শীর্ষ বিষয়াৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জৰুৰী বৈঠকৰ পাছতে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ আৰু পাকিস্তানী প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফৰ সৈতে টেলিফোনিক বার্তালাপত পৰিস্থিতিৰ শান্তিপূর্ণভাৱে মোকাবিলা কৰিবলৈ আহ্বান জনাইছে৷

অর্থাৎ আন্তর্জাতিক মহলতো ভাৰত–পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ ইফালে, কালিৰ এই বৈঠকৰ পাছত আজি কেইবালানিও বৈঠক আহ্বান কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ লক্ষণীয়ভাৱে আগন্তুক দ্বিতীয় বিশ্বযুদ্ধৰ বিজয় উৎসৱত অংশগ্রহণৰ বাবে প্রস্তাৱিত ৰাছিয়া ভ্রমণ বাতিল কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ দেশৰ এই উদ্বেগজনক পৰিস্থিতিৰ বাবে মোদীয়ে ৰাছিয়া ভ্রমণ বাতিল কৰা বুলি ইতিমধ্যে বিভিন্ন মহলে ধাৰণা কৰিছে৷

কালিৰ গুৰুত্বপূর্ণ বৈঠকত এটা কথা স্পষ্ট হৈ পৰে যে দেশৰ সংকটজনক পৰিস্থিতিত সেনাৰ ওপৰত পূর্ণ আস্থা ৰাখিছে চৰকাৰে৷ লক্ষণীয়ভাৱে এই বৈঠকত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত আছিল৷ এই বৈঠকতে পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ মোকাবিলা কৰিবলৈ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি বিভিন্ন মহলে পূর্বানুমান কৰিছিল৷ কিন্তু সেনাৰ ওপৰত পৰিস্থিতিৰ মোকাবিলাৰ বাবে চৰকাৰে সম্পূর্ণ স্বাধীনতা অর্পণ কৰাৰ পাছতে বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হয় যদিও বিশেষজ্ঞ মহলে এয়া পূর্ণাংগ যুদ্ধৰ প্রস্তুতিৰ কৌশল বুলিয়ে ধাৰণা কৰিছে৷

লক্ষণীয়ভাৱে কালি প্রধানমন্ত্রীৰ এই জৰুৰী বৈঠকৰ সমান্তৰালকৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও গৃহ বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰে৷ বৈঠকৰ অন্তত প্রধানমন্ত্রীৰ সৈতে মিলিত হয় অমিত শ্বাহ৷ তাৎপর্যপূর্ণ কথা যে পেহেলগামৰ আক্রমণৰ পাছতে শত্রুক কঠোৰ হাতেৰে দমন কৰাৰ পোষকতা কৰি অহা আৰএছএছৰ মুৰব্বী মোহন ভাগৱতেও প্রধানমন্ত্রীৰ সৈতে মিলিত হৈ গুৰুত্বপূর্ণ আলোচনা কৰে৷ অৱশ্যে এই আলোচনাৰ সবিশেষ চৰকাৰী সূত্রই সদৰী কৰা নাই৷

কিন্তু এই তৎপৰতাই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত বহন কৰা বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ ইফালে, পেহেলগামৰ আক্রমণক লৈ কেন্দ্রীয় চৰকাৰ যে যথেষ্ট উদ্বিগ্ণ আৰু ইয়াৰ কঠোৰ প্রত্যুত্তৰ দিবলৈ যে চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে, সেই কথা আজি পুনৰ স্পষ্ট হৈছে৷ চৰকাৰৰ বিভিন্ন কাম–কাজত ৭ বছৰৰ পিছত আজি মোদী চৰকাৰে দেশৰ নিৰাপত্তা উপদেষ্টা পৰিষদ পুনৰ গঠন কৰিছে৷ এই উপদেষ্টা পৰিষদৰ মুৰব্বীৰ দায়িত্বত ৰখা হৈছে গুপ্তচৰ সংস্থা ‘ৰ’ৰ প্রাক্তন সঞ্চালক অলোক যোশীক৷ ৬ সদস্যৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা পৰিষদত আছে মূলতঃ অৱসৰপ্রাপ্ত সেনা তথা আইপিএছ বিষয়াসকল৷ এই পৰিষদত এইবাৰ ৰখা হৈছে প্রাক্তন কূটনীতিক বি ভেংকতেশ বার্মাক৷

ভাৰতীয় বায়ুসেনাৰ পশ্চিম অঞ্চলীয় কমাণ্ডৰ প্রাক্তন মুৰব্বী এয়াৰ মার্শ্বাল পিএম সিং, স্থলসেনাৰ দক্ষিণ অঞ্চলীয় কমাণ্ডৰ প্রাক্তন জি’চি লেফটেনেণ্ট জেনেৰেল এ কে সিং আৰু নৌসেনাৰ অৱসৰপ্রাপ্ত ৰিয়েল এডমিৰেল মণ্টি খান্নাকো এই উপদেষ্টা পৰিষদত ৰখা হৈছে৷ ৭ বছৰ পিছত নিৰাপত্তা উপদেষ্টা পৰিষদ পুনৰ গঠন কৰি মোদী চৰকাৰে এক পূর্ণাংগ যুদ্ধৰ ইংগিত দিয়া বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

অৱশ্যে আনুষ্ঠানিকভাৱে পাকিস্তানৰ বিৰুদ্ধে কোনো সামৰিক অভিযানৰ কথা ঘোষণা কৰা হোৱা নাই চৰকাৰৰ তৰফৰ পৰা৷ কিন্তু যিকোনো মুহূর্ততে পাকিস্তানৰ বিৰুদ্ধে অভিযান চলিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ ইফালে, আৰৱ সাগৰত নৌসেনাই পূর্ণাংগ যুদ্ধৰ অনুশীলন কৰিছে৷ দেশৰ সশস্ত্র বাহিনীৰ এই তৎপৰতা আৰু চৰকাৰে বিভিন্ন কাম–কাজত দেখুওৱা ক্ষিপ্রতাই এতিয়া পাকিস্তানৰ বিৰুদ্ধে পেহেলগাম কাণ্ডৰ প্রতিশোধৰ ইংগিত বহন কৰা বুলিয়েই দেশবাসীয়েও ধাৰণা কৰিবলৈ লৈছে৷

You might also like