নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ শ্রীছান্থ-ক ৩ বছৰলৈ নিষিদ্ধ কেচিএৰ

🔹 ভুৱা বাতৰি প্রচাৰ–অপমানজনক মন্তব্য

নিউজ ডেস্ক, ৩ মে’ : ভুৱা বাতৰি প্রচাৰ আৰু অপমানজনক মন্তব্য কৰাৰ বাবে টীম ইণ্ডিয়াৰ প্রাক্তন পেচ বলাৰ এছ শ্রীছান্থ-ক তিনি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে৷ ২০০৭ চনৰ টি–২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ভাৰতীয় দলৰ অংশ হিচাপে থকা শ্রীছান্থক ভুৱা বাতৰি প্রচাৰ আৰু অপমানজনক মন্তব্য কৰাৰ বাবে ৩ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে কেৰালা ক্রিকেট সন্থাই৷ এই নিষেধাজ্ঞা অনুসৰি, তেওঁ কেৰালাৰ কোনো ক্রিকেট কার্যকলাপত কাম কৰিব নোৱাৰিব৷ কেচিএই এছ শ্রীছান্থৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে শ্রীছান্থে কেৰালাৰ এটা টিভি চেনেলত চেম্পিয়নছ ট্ৰফী দলৰ পৰা সঞ্জু ছেমছনক বাহিৰ কৰি দিয়াৰ কাৰণ ক্রিকেট এছ’চিয়েচনক জনাইছিল৷ ইয়াৰ পাছত কেচিএই সাধাৰণ সভাত সিদ্ধান্ত লয় যে শ্রীছান্থক তিনি বছৰৰ বাবে নিষিদ্ধ কৰিব লাগে, কাৰণ তেওঁ কেৰালা ক্রিকেট এছ’চিয়েচনৰ বিৰুদ্ধে মিছা কথা কৈছিল আৰু তেওঁক অপমান কৰিছিল৷ শ্রীছান্থ বর্তমান কেৰালা ক্রিকেট লীগৰ ফ্রেঞ্চাইজী দল কোল্লাম মেছৰ সহ–স্বত্বাধিকাৰী৷ এই বিতর্কিত বক্তব্য সন্দর্ভত শ্রীছান্থৰ লগতে তেওঁৰ ফ্রেঞ্চাইজী দল কোল্লাম মেছ, আলাপ্পুজা দলৰ নেতৃত্ব–ছাই কৃষণ আৰু আলাপ্পুজা ৰিপলছক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে৷ উল্লেখ্য যে ৩০ এপ্রিলত কোচিত অনুষ্ঠিত সাধাৰণ সংস্থাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷

You might also like