নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ-ৰ পৰা পাকিস্তানক বাদ দিয়ক : গাভাস্কাৰ

নিউজ ডেস্ক, ৪ মে’ : চলিত বর্ষৰ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ ক্রিকেট প্রতিযোগিতা৷ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পিছৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি পাকিস্তানক এছিয়া কাপৰ পৰা বাদ দিয়াৰ দাবী জনাইছে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা ক্রিকেটাৰ সুনীল গাভাস্কাৰে৷ আনকি তেওঁ এছিয়ান ক্রিকেট কাউঞ্চিল ভংগ কৰাৰ পোষকতা কৰিছে৷ সংবাদ মাধ্যমৰ আগত গাভাস্কাৰে কয়- বিচিচিআয়ে সদায় ভাৰত চৰকাৰৰ নির্দেশ মানি চলে৷ গতিকে এছিয়া কাপৰ কোনো পৰিৱর্তন হ’ব বুলি মই নাভাবোঁ৷ এছিয়া কাপৰ আয়োজক ভাৰত আৰু শ্রীলংকা৷ পাকিস্তানে এছিয়া কাপত অংশগ্রহণ কৰাৰ সম্ভাৱনা কম দেখিছোঁ৷ গাভাস্কাৰে পাকিস্তানক এছিয়ান ক্রিকেট কাউঞ্চিলৰ পৰা বাদ দিবলৈও দাবী জনাইছে৷ এছিয়ান ক্রিকেট কাউঞ্চিলৰ পতন ঘটিলে মই আচৰিত নহ’ম৷ যদি দুয়োখন দেশৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ থাকে তেন্তে দুয়োখন দেশৰ বাবে ক্রীড়া প্রতিযোগিতাত অংশগ্রহণ কৰাটো কঠিন হ’ব৷

You might also like