নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী আলবানিজ

🔹 অষ্ট্রেলিয়াৰ নির্বাচনত নির্ণায়ক জয়লাভ লেবাৰ পার্টীৰ

নিউজ ডেস্ক, ৪ মে’ : প্রধানমন্ত্রী এন্থনী আলবানিজ নেতৃত্বাধীন লেবাৰ পার্টীয়ে অষ্ট্রেলিয়াৰ নির্বাচনত নির্ণায়ক বিজয় লাভ কৰে৷ এই জয়েৰে এন্থনী আলবানিজে ঐতিহাসিক দ্বিতীয়বাৰৰ বাবে অষ্ট্রেলিয়াৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰিব৷ ২০০৪ চনৰ পিছত প্রথমবাৰৰ বাবে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এগৰাকীয়ে ক্রমাগতভাৱে প্রধানমন্ত্রী পদত নির্বাচিত হোৱাৰ অভিলেখ গঢ়ে এন্থনী আলবানিজে৷

আনপিনে দেশখনৰ বিৰোধী নেতা পিটাৰ ডুটনে প্রধান প্রধান আসনসমূহত পৰাজিত হয়৷ ব্রিছবেনৰ ডিকছনত ডুটনে তেওঁৰ নিজৰ সমষ্টিটোতেই লেবাৰ পার্টীৰ আলী ফ্রান্সৰ হাতত পৰাজিত হয়৷ অষ্ট্রেলিয়াৰ ৰাজনীতিত ডুটনৰ পৰাজয় বিৰল ঘটনা হিচাপে চর্চিত হৈছে৷ ডুটন নেতৃত্বাধীন লিবাৰেল নেচনেল কোৱালিছনে নির্বাচনৰ প্রাৰম্ভতে শাসকীয় দলটোক পিছ পেলাবলৈ সক্ষম হৈছিল যদিও প্রধানমন্ত্রী আলবানিজৰ প্রচাৰ অভিযানে পিছলৈ বিৰোধীক শ’লঠেকত পেলাই এই নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে৷

নির্বাচনৰ প্রচাৰ অভিযানত শাসকীয় দলটোৰ নেতৃত্ব লোৱা প্রধানমন্ত্রী আলবানিজে দেশখনৰ নাগৰিকৰ জীৱন–যাপনক প্রাধান্য বিশেষকৈ ৰাজহুৱা স্বাস্থ্যসেৱা আৰু বহনক্ষম গৃহ নির্মাণত গুৰুত্ব দিছিল৷ এনে পৰিপ্রেক্ষিততে আলবানিজ নেতৃত্বাধীন দলটোৱে নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হয় আৰু অষ্ট্রেলিয়াত একেৰাহে দুবাৰ প্রধানমন্ত্রী হোৱাৰ অভিলেখ গঢ়ে এন্থনী আলবানিজে৷

You might also like