নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম কাল্পনিক চৰিত্র ! ৰাহুল গান্ধী-ৰ মন্তব্যক লৈ ক্ষুব্ধ বিজেপি

🔹 কংগ্রেছ নেতাক ‘হিন্দুত্ববিৰোধী’ আখ্যা

নিউজ ডেস্ক, ৫ মে’ : পুনৰ হিন্দুত্ব বিতর্কত ৰাহুল গান্ধী ! এইবাৰ বিজেপিৰ অভিযোগ যে ভগৱান শ্রী ৰামচন্দ্রক অপমান কৰিছে ৰাহুলে৷ বিদেশ ভ্রমণলৈ গৈ ৰামক কাল্পনিক চৰিত্র বুলি উল্লেখ কৰিছে ৰাহুলে৷ এয়া হিন্দুবিৰোধী আচৰণ বুলি দাবী কৰিছে বিজেপিয়ে৷ শেহতীয়াকৈ আমেৰিকা ভ্রমণলৈ গৈছিল ৰাহুল৷ আমেৰিকাত বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলৰ সৈতে হোৱা আলোচনাত ৰাহুলে মন্তব্য কৰে যে ভগৱান ৰাম আছিল কাল্পনিক এক কাহিনীৰ চৰিত্র৷ বিজেপিয়ে যাক হিন্দুত্ব বুলি কয়, তাক হিন্দুত্বৰ ধাৰণা বুলি মানি ল’ব নোৱাৰি বুলিও ৰাহুলে মন্তব্য কৰিছিল৷ হিন্দুত্বৰ ধাৰণা বিজেপিয়ে কৈ অহাতকৈ বহু বেছি বৈচিত্র্যপূর্ণ বুলিও মন্তব্য কৰিছিল বিৰোধী নেতাজনে৷ হিন্দুত্ব বেছি সহনশীল আৰু গ্রহণযোগ্য বুলি উল্লেখ কৰি ভাৰতৰে প্রতিখন ৰাজ্যৰ সকলো শ্রেণীৰ মানুহে সেই হিন্দুত্বক গ্রহণ কৰা বুলিও মন্তব্য কৰিছিল ৰাহুলে৷ ইয়াকে লৈ বিজেপিয়ে বিৰোধী নেতাজনক ক্ষুৰধাৰ সমালোচনা কৰিছে৷ বিহাৰৰ নির্বাচনৰ পূর্বে এই বিষয়টোক লৈয়েই চর্চা আৰম্ভ কৰিছে গেৰুৱা শিবিৰে৷

You might also like