নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপাৰেচন সিন্দূৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে সংঘটিত কৰা নৰসংহাৰৰ প্রতিশোধ লোৱাৰ হুংকাৰ দিছিল কেন্দ্রীয় চৰকাৰে৷ সেই অনুসৰি সন্ত্রাসবাদীৰ বিৰুদ্ধে প্রত্যাঘাতৰ পূর্ণ স্বাধীনতা প্রদান কৰা হৈছিল দেশৰ তিনিওটা সশস্ত্র বাহিনীক৷ প্রধানমন্ত্রী মোদীৰ সৈতে তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীৰ গুৰুত্বপূর্ণ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছিল যে পেহেলগামত নিৰীহ পর্যটকক হত্যা কৰা ঘাতকক কঠোৰ হাতেৰে প্রত্যুত্তৰ দিয়া হ’ব৷ ইয়াৰ পিছতো দুসপ্তাহ উকলি গৈছিল৷ দেশবাসী প্রতীক্ষাত আছিল সন্ত্রাসবাদীৰ বিৰুদ্ধে সেনাৰ প্রত্যাঘাতৰ বাবে৷ পৰহি নিশা প্রত্যাশা অনুসৰি তিনিওটা বাহিনীৰ যৌথ উদ্যোগত পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিত চলোৱা হ’ল আক্রমণ৷ ‘অপাৰেচন সিন্দূৰ’ নামকৰণেৰে এই অভিযান চলাই সেনাই পাকিস্তানৰ অভ্যন্তৰত থকা কেইবাটাও সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিছে৷ কালি কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা দেশবাসীৰ আগত ঘোষণা কৰা অনুসৰি পাকিস্তানৰ অভ্যন্তৰত মুঠ ৯টা স্থানত ২৫ মিনিট সময় ধৰি ক্ষেপণাস্ত্রৰে আক্রমণ চলোৱা হয়৷ এই আক্রমণত সন্ত্রাসবাদীৰ মুঠ ২১টা শিবিৰৰ ক্ষতিসাধন হোৱা বুলি দাবী কৰা হৈছে৷ মুঠ ২৪টা ক্ষেপণাস্ত্র এই অভিযানত ব্যৱহাৰ কৰে দেশৰ সেনাই৷ বিদেশ সচিব বিক্রম মিশ্রিয়ে কালি পুৱা পাকিস্তানত সন্ত্রাসবাদীৰ ঘাটিত চলোৱা অভিযান সন্দর্ভত এক সংবাদ মেলত সবিশেষ তথ্য সদৰী কৰে৷ এই সংবাদ মেলত উপস্থিত থাকে ভাৰতীয় সেনাৰ দুই অগ্নিকন্যা কর্নেল ছ’ফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং৷ দুয়োগৰাকী সেনা বিষয়াই পাকিস্তানৰ সন্ত্রাসবাদী ঘাটিসমূহত কেনেদৰে আক্রমণ চলোৱা হৈছিল, তাৰ সবিশেষ তথ্য দাঙি ধৰে৷ লক্ষণীয়ভাৱে ভাৰতৰ এই আক্রমণৰ পিছতে পাকিস্তানৰ অভ্যন্তৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ ভাৰতে পাক সেনাৰ কোনো ঘাটিক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা নাছিল যদিও পাকিস্তানে এয়া দেশখনৰ সার্বভৌমত্বৰ ওপৰত আঘাত বুলি অভিযোগ কৰি ভাৰতক ইয়াৰ সমুচিত প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে৷ লক্ষণীয় বিষয়টো হৈছে দীর্ঘদিন ধৰি ভাৰত ভূখণ্ডত কূটাঘাত চলাই অহা জইছ–ই–মহম্মদৰ শীর্ষনেতা মাছুদ আজহাৰৰ পৰিয়ালৰ দহ সদস্য তথা চাৰিজন ঘনিষ্ঠ সহযোগী এই অভিযানত নিহত হোৱা বুলি সন্ত্রাসবাদী সংগঠনটোৰ তৰফৰ পৰাই এক বিবৃতিত সদৰী কৰা হৈছে৷ ভাৰতৰ বাবে এয়া এক বৃহৎ সফলতা হিচাপে চিহ্ণিত হৈছে৷ ইফালে, একাংশ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি এই আক্রমণত মুম্বাইৰ কূটাঘাতৰ মাষ্টাৰ মাইণ্ড তথা লস্কৰ–ই–তৈবাৰ নেতা হাফিছ ছয়ীদো নিহত হৈছে৷ অৱশ্যে তাৎক্ষণিকভাৱে লস্কৰ–ই–তৈবাৰ তৰফৰ পৰা এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷
দেশৰ তিনিওটা সশস্ত্র বাহিনীয়ে প্রথমবাৰলৈ সন্ত্রাসবাদীৰ বিৰুদ্ধে এই যৌথ অভিযান চলাইছে৷ এয়া দেশৰ সামৰিক অভিযানত ঐতিহাসিক ঘটনা৷ লক্ষণীয়ভাৱে কালি বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা পাকিস্তানৰ কোন কোন স্থানত অভিযান চলোৱা হৈছিল, সেই সন্দর্ভতো স্থিতি স্পষ্ট কৰা হৈছে৷ বিদেশ সচিব মিশ্রিৰ সংবাদ মেলত দুই সেনা বিষয়াই সদৰী কৰা অনুসৰি আন্তর্জাতিক সীমান্তৰ পৰা এশ কিলোমিটাৰ পাক অভ্যন্তৰত অৱস্থিত বাহাৱালপুৰত পৰহি নিশা ক্ষেপণাস্ত্রৰে আক্রমণ চলোৱা হৈছিল৷ ইয়াতেই আছে জইছ–ই–মহম্মদৰ কার্যালয়৷ অর্থাৎ মাছুদ আজহাৰৰ আশ্রয়স্থল ধ্বংস কৰা হৈছে এই অভিযানত৷ ইয়াৰ উপৰি ছাম্বা ছেক্টৰৰ পৰা ৩০ কিলোমিটাৰ অভ্যন্তৰৰ লস্কৰ–ই–তৈবাৰ শিবিৰতো চলোৱা হয় আক্রমণ৷ সেইদৰে গুলপুৰ, ছাৱাই, বিলাল, কোটলি, বার্ণালা, ছার্জাল আৰু শিয়ালকোটৰ সমীপৰ মেহমুনাস্থিত সন্ত্রাসবাদীৰ শিবিৰতো ক্ষেপণাস্ত্রৰে আক্রমণ চলোৱা হয় বুলি সংবাদ মেলত ঘোষণা কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে- বিভিন্ন সংবাদ মাধ্যমে ভাৰতৰ এই অপাৰেচন সিন্দূৰত জইছ আৰু লস্কৰৰ প্রায় ৮০টা সন্ত্রাসবাদী নিহত হোৱা বুলি দাবী কৰিছে যদিও চৰকাৰৰ তৰফৰ পৰা এই সন্দর্ভত কোনো তথ্য দাঙি ধৰা হোৱা নাই৷ ইফালে, পাকিস্তানে ভাৰতৰ এই অভিযানৰ ফলত ২৬জন নিৰীহ লোক নিহত হোৱাৰ উপৰি অর্ধশতাধিক গুৰুতৰভাৱে আহত হোৱা বুলি দাবী কৰিছে৷ সমান্তৰালকৈ ভাৰতৰ এই আক্রমণৰ প্রত্যুত্তৰ দি নিয়ন্ত্রণ ৰেখাৰ সমীপত পাক সেনাই চলোৱা গোলাবর্ষণত জম্মু–কাশ্মীৰত ১০গৰাকী অসামৰিক লোক নিহত হোৱা বুলি ভাৰত চৰকাৰৰ সূত্রই দাবী কৰিছে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে- এই অভিযানত ভাৰতে কেৱল সন্ত্রাসবাদীৰ শিবিৰক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা বুলি দাবী কৰিছে যদিও পাকিস্তানে নিৰীহ লোকৰ বসতি অঞ্চলত এই আক্রমণ সংঘটিত হোৱা বুলি অভিযোগ কৰিছে৷ ইফালে, ভাৰতৰ এই অভিযানৰ পিছতেই দুয়োখন দেশৰ মাজত পূর্ণাংগ এক যুদ্ধৰ আশংকা ঘনীভূত হৈ পৰিছে৷ ইতিমধ্যে উভয় দেশৰ তৰফৰ পৰা গ্রহণ কৰা হৈছে যুদ্ধকালীন যাৱতীয় তৎপৰতা৷

You might also like