নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান-ক প্রতিশোধৰ প্রত্যাঘাত ভাৰতৰ

🔹 অপাৰেচন সিন্দূৰ

নিউজ ডেস্ক, ৮ মে’ : দেশবাসীৰ শোকৰ সমান্তৰালকৈ ক্ষোভৰ উদ্গীৰণ পেহেলগামৰ নৰসংহাৰৰ প্রতিশোধ অপাৰেচন সিন্দূৰ৷ পাকিস্তান-ক প্রতিশোধৰ প্রত্যাঘাত ভাৰতৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় তিনি সেনা বাহিনীৰ বিৰল আৰু সাহসী অভিযান সিন্দূৰ৷ পেহেলগামত সন্ত্রাসবাদীয়ে পর্যটকৰ ওপৰত চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে মঙলবাৰে মাজনিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত প্রৱেশ কৰি আকাশমার্গেৰে প্রচণ্ড আক্রমণ চলায়৷ ভাৰতীয় সেনাৰ বিমান আক্রমণত নিমিষতে তচনচ হৈ পৰে পাকিস্তান আৰু পিঅ’কেস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটি৷ অপাৰেচন সিন্দূৰ সামৰিয়েই প্রতিৰক্ষা মন্ত্রালয়ৰ বিবৃতি– ‘কোনো পাকিস্তানী সামৰিক চৌহদক লক্ষ্য কৰি লোৱা নাই, ভাৰতে লক্ষ্য বাছনি–কার্যকৰীকৰণ পদ্ধতিত যথেষ্ট সংযম প্রদর্শন কৰিছে’৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পাছতেই পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা, জইছ–ই–মহম্মদ আৰু হিজবুল মুজাহিদীনৰ ঘাটি আৰু প্রশিক্ষণ শিবিৰ চিনাক্ত কৰি লৈ পৰহি নিশা ভাৰতীয় সেনাই সুপৰিকল্পিতভাৱে মিছাইল আক্রমণেৰে বিধ্বস্ত কৰে ৯ স্থানৰ ২১টাকৈ সন্ত্রাসবাদীৰ ঘাটি৷ মঙলবাৰে নিশা ১.০৫ বজাৰ পৰা ১.৩০ বজালৈ মাত্র ২৫ মিনিটৰ ভিতৰতে চিৰবৈৰী ৰাষ্ট্রখনৰ ভূমিত থকা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত বিমান আক্রমণ চলায়৷ ২৪টা মিছাইলেৰে ৯টা স্থানৰ ২১ সন্ত্রাসবাদীৰ ঘাটিত বিমানেৰে মিছাইল নিক্ষেপ কৰি অপাৰেচন সিন্দূৰৰ নির্ভুল অভিযান সামৰে ভাৰতীয় সেনাই৷ ১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধৰ পাছত স্থল, জল আৰু বায়ুসেনাই একেলগে মিলিত হৈ সন্ত্রাসবাদীৰ ঘাটিত ২৫ মিনিট আক্রমণ চলাই সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰে৷ ৰাফেল যুদ্ধবিমানৰ লগত স্কেল্প দীর্ঘ দূৰত্বৰ ক্রুইজ মিছাইল আৰা হামাৰ বোমাৰে সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলোৱাৰ সময়ত যুদ্ধবিমান মিৰাজ ২০০০ আৰু ছুখয় ৩০ এম কেই সহযোগ কৰে৷ এই অভিযানত স্থলসেনা, বায়ুসেনা আৰু নৌসেনাই সন্মিলিতভাৱে সফল কৰি তোলে৷ ভাৰতীয় সেনাই পাকিস্তান আৰু পিঅ’কেত ৯টা সন্ত্রাসবাদীৰ স্থান চিনাক্ত কৰি এই স্থানকেইটাত থকা ২১টা সন্ত্রাসবাদীৰ শিবিৰত আক্রমণ চলায়৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰ বাহাৱালপুৰত অৱস্থিত জইছ–ই–মহম্মদৰ মুখ্য কার্যালয়ত মিছাইল নিক্ষেপ কৰাত কার্যালয়টো সম্পূর্ণৰূপে বিধ্বস্ত হয়৷ পুলৱামা আৰু সংসদ ভৱন আক্রমণকে ধৰি ভাৰতত অনেক সন্ত্রাসবাদী কার্যকলাপত জড়িত জইছ–ই–মহম্মদৰ কার্যালয়ত সেনাই চলোৱা আক্রমণত সন্ত্রাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ সদস্য নিহত হয়৷ লগতে মাছুদ আজহাৰৰ ৪ ঘনিষ্ঠ সহযোগীও নিহত হৈছে৷ বাহাৱালপুৰত অৱস্থিত সন্ত্রাসবাদী সংগঠনটোৰ মুখ্য কার্যালয়টো ভাৰতৰ পঞ্জাবৰ ফাজিলকাৰ পৰা প্রায় ১৮০–২০০ কিলোমিটাৰ দূৰত অৱস্থিত৷ পাকিস্তানৰ পঞ্জাব প্রদেশৰেই মুৰিডকেত ভাৰতীয় সেনাই মিছাইল আক্রমণ কৰে৷ ভাৰতৰ গুৰদাসপুৰৰ পৰা প্রায় ১৪০ কিলোমিটাৰ নিলগত অৱস্থিত লস্কৰ–ই–তৈবাৰ ঘাটিতো মুৰিডকেত ঘাটি থকা লস্কৰ–ই–তৈবা ২০০৮ চনৰ মুম্বাই আক্রমণ আৰু ২০২৫ চনৰ পেহেলগামৰ আক্রমণত জড়িত৷ তেনেদৰে পিঅ’কেৰ কোটলিতো ভাৰতীয় সেনাই আক্রমণ চলায়৷ জম্মু–কাশ্মীৰৰ পুঞ্চৰ পৰা প্রায় ৩৫–৪০ কিলোমিটাৰ নিলগত অৱস্থিত কোটলিৰ এই সন্ত্রাসবাদীৰ শিবিৰটোত আত্মঘাতী বোমাৰুৰ প্রশিক্ষণ দিয়া হয় আৰু ইয়াৰ পৰাই সঘনে কাশ্মীৰত অনুপ্রৱেশ কৰে৷ পাক অধিকৃত কাশ্মীৰৰ গুলমূৰৰ শিবিৰতো সেনাই আক্রমণ চলায়৷ এই শিবিৰটো পুঞ্চৰ পৰা ৬–৭ কিলোমিটাৰ নিলগত অৱস্থিত৷ এই শিবিৰটো সন্ত্রাসবাদীৰ লঞ্চপেড হিচাপে ব্যৱহাৰ হৈ আছে৷ ৰাজৌৰী আৰু পুঞ্চ জিলাত সন্ত্রাসবাদী আক্রমণৰ বাবে এই শিবিৰটোৰ পৰাই পাক সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰে৷ এলঅ’চিৰ সমীপত গুলমূৰৰ সন্ত্রাসবাদীৰ শিবিৰটো৷ আনহাতে পিঅ’কেৰ কটলি জিলাৰ ছাৱাইত থকা সন্ত্রাসবাদীৰ ঘাটিটো জম্মু ছেক্টৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত অৱস্থিত৷ এই ঘাটিটোৰ পৰাই সোণমার্গ, গুলমার্গ, পেহেলগাম আদিত সন্ত্রাসবাদীয়ে আক্রমণ চলাই আহিছে৷ পুঞ্চৰ পৰা ১২ কিলোমিটাৰ নিলগত অৱস্থিত ছৰজাল৷ পিঅ’কেৰ এই স্থানৰ পৰাই সন্ত্রাসবাদীয়ে সঘনে জম্মু–কাশ্মীৰত অনুপ্রৱেশ কৰে৷ মেনধৰৰ পৰা ১০ কিলোমিটাৰ নিলগত পিঅ’কেৰ বার্ণালা সন্ত্রাসবাদীৰ ঘাটি, চম্ভা জিলাৰ পৰা ৩০ কিলোমিটাৰ নিলগত মেহমুনা৷ এই মেহমুনা হৈছে হিজবুল মুজাহিদীনৰ সুৰক্ষিত ঘাটি৷ ইয়াৰ পৰাই সীমান্তৰ সিপাৰৰ পৰা আহি জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰে৷ আনপিনে জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণাঘাটি ছেক্টৰৰ পৰা মাত্র ৫ কিলোমিটাৰ নিলগত পিঅ’কেৰ টাট্টাপানীত থকা সন্ত্রাসবাদীৰ ঘাটিতো আক্রমণ চলায় ভাৰতীয় সেনাই৷ এই ৯টা স্থানত নির্ধাৰিত ২১টা সন্ত্রাসবাদীৰ প্রশিক্ষণ শিবিৰৰ ভিতৰত আছে ছাৱাই নালা, চৈয়দ না বিলাল, মস্কৰ–ই–আকছা, চেলাবান্দি, আব্দুল্লা বিন মাছুদ, দুলাই, গৰহি হবিবুল্লাহ, বাত্রাচি, বালাকোট, অঘিহি, বই, গুলপুৰ, কোটলি, বাৰালি, ডুংগী, বাৰনালা, মেহমুনা জয়া, মুৰিডকে, চৰজল, বাহাৱালপুৰ৷ এই আটাইকেইটা প্রশিক্ষণ শিবিৰত ভাৰতীয় সেনাই বিমানেৰে মিছাইল নিক্ষেপ কৰি ধ্বংসস্তূপত পৰিণত কৰে৷ অপাৰেচন সিন্দূৰত ভাৰতীয় সেনাৰ আক্রমণত পাকিস্তান আৰু পিঅ’কেত অতিকমেও ৭০ সন্ত্রাসবাদী নিহত হোৱাৰ লগতে ৬০ৰো অধিক আহত হৈছে৷ তথ্য মতে, বাহাৱালপুৰ আৰু মুৰিডকেৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই অতি ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত দুয়োটা সন্ত্রাসবাদীৰ ঘাটিত অতিকমেও ৪০ সন্ত্রাসবাদীৰ মৃত্যু ঘটিছে৷ উল্লেখ্য যে যোৱা ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৫ পর্যটকসহ ২৬জনক বর্বৰতাৰে হত্যা কৰিছিল৷ এই সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধকল্পেই ১৪ দিনৰ মূৰকত ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰে পাকিস্তান আৰু পিঅ’কেত সন্ত্রাসবাদীৰ ঘাটিত ভয়াৱহ আক্রমণ চলায়৷ ভাৰতীয় সেনাৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে পাকিস্তানত চলোৱা সফল অভিযানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সেনাক ভূয়সী প্রশংসা কৰে৷ ইপিনে, বিৰোধী দল কংগ্রেছেও কালি তেওঁলোকৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰি পেহেলগামৰ আক্রমণকাৰীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযানক আদৰণি জনায়৷ সেনাক সম্পূর্ণ সমর্থন দি অনাগত সময়ত সন্ত্রাসবাদীৰ বিৰুদ্ধে সেনাৰ অভিযানক আদৰণি জনাব বুলিও কয় কংগ্রেছে৷ ইপিনে, আজি কেন্দ্রীয় চৰকাৰে সর্বদলীয় বৈঠক আহ্বান কৰিছে৷

You might also like