কুখ্যাত মাছুদ আজহাৰ-ৰ ভাতৃ–ভগ্নীসহ পৰিয়ালৰ ১০ সদস্য নিহত
🔹 ধ্বংসস্তূপত পৰিণত বাহাৱালপুৰস্থিত জইছৰ মুখ্য কার্যালয়
নিউজ ডেস্ক, ৮ মে’ : পেহেলগামত সন্ত্ৰাসবাদীৰ নৰমেধৰ পিছত ভাৰতৰ সু-পৰিকল্পিত আক্ৰমণত কুখ্যাত মাছুদ আজহাৰ-ৰ ভাতৃ–ভগ্নীসহ পৰিয়ালৰ ১০ সদস্য নিহত হয়। পাকিস্তানৰ ভূমিৰ পৰাই ভাৰতত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰি থকা নিষিদ্ধ সংগঠন জইছ–ই–মহম্মদৰ বাহাৱালপুৰস্থিত মুখ্য কার্যালয় বুধবাৰে ভাৰতীয় সেনাই মিছাইল নিক্ষেপেৰে ধ্বংসস্তূপত পৰিণত কৰে৷ ভাৰতীয় সেনাৰ মিছাইল আক্রমণত জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়ালৰ ১০জন সদস্য নিহত হৈছে৷ ভাৰতত বিগত দশক দশক ধৰি সন্ত্রাসবাদী কার্যকলাপ চলাই থকা আনকি শেহতীয়াভাৱে পেহেলগামত পর্যটকক বর্বৰতাৰে হত্যা কৰা কাণ্ডত জড়িত জইছ–ই–মহম্মদৰ মুখ্য কার্যালয়ত ভাৰতীয় সেনাৰ আক্রমণত মাছুদ আজহাৰৰ পৰিয়ালৰ ১০জন সদস্য নিহত হোৱাৰ লগতে আন ৪জন সন্ত্রাসবাদী সদস্যও নিহত হৈছে৷ জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে নিজেই বিবৃতিযোগে প্রকাশ কৰিছে যে মঙলবাৰে নিশা মোৰ পৰিয়ালৰ ১০জন সদস্যৰ একেলগে মৃত্যু ঘটিছে৷ ইয়াত ৫জন নিৰীহ শিশুও আছে৷ মোৰ জ্যেষ্ঠ ভগ্ণী চাহিবা, তেওঁৰ স্বামী, মোৰ ভতিজা আলিম ফজিল আৰু পত্নী আৰু মোৰ মৰমৰ ভাগিনী আলম ফাজিলাও আছে৷ মোৰ ভতিজা আৰু তেওঁৰ পত্নীও আল্লাৰ কাষলৈ গৈছে৷ মোৰ ভাতৃও আছে৷ মোদীয়ে নিৰীহ শিশু–মহিলা আৰু জ্যেষ্ঠ নাগৰিকক আক্রমণৰ লক্ষ্য কৰি লৈছে৷ এই দুখ আৰু বেদনা অধিক, অসহ্যকৰ৷ কিন্তু কোনো অনুশোচনা নাই, কোনো অসন্তুষ্টি নাই৷ কোনো ভয় নাই৷ পৰিয়ালৰ ১০ সদস্যৰ লগতে আন ৪জনসহ ১৪জন আল্লাৰ ওচৰলৈ গৈছে৷ সময়খিনি আল্লাই নির্ধাৰণ কৰি থৈছে৷ ই আগতীয়াও নহয় আৰু বিলম্বও নহয়৷ মৃত্যু ঘটা শিশুকেইটাৰ বয়স তিনিৰ পৰা ৭ বছৰৰ মাজত৷ একেলগে চাৰিওজন স্বর্গলৈ গৈছে৷ কোৰাণে কৈছে– বলিদান দিয়াসকলক আল্লাই ভাল পায়৷ সময়খিনি তেওঁলোক যাবলৈ নির্ধাৰণ কৰি থৈ দিছিল৷ মোদীৰ অত্যাচাৰে সকলো সীমা পাৰ কৰিছে৷ উল্লেখ্য যে পৰিয়ালৰ ১০জন সদস্যই ভাৰতীয় সেনাৰ মিছাইল আক্রমণত প্রাণ হেৰুৱায় যদিও কুখ্যাত সন্ত্রাসবাদী মাছুদ আজহাৰৰ অৱস্থিতি জানিব পৰা হোৱা নাই৷ ক’ৰ পৰা কেনেকৈ পৰিয়ালৰ সদস্যৰ মৃত্যু ঘটা বুলি মাছুদ আজহাৰে বিবৃতি প্রেৰণ কৰিছে সেয়াও অধিক তথ্যসহ পোহৰলৈ অহা নাই৷