নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিহত সন্ত্রাসবাদী-ৰ শেষকৃত্যত পাক সেনা বিষয়া

🔹 কুখ্যাত জেহাদীৰ কফিন ঢাকিলে পাকিস্তানী পতাকাৰে

নিউজ ডেস্ক, ৮ মে’ : পেহেলগামত আক্রমণৰ দুসপ্তাহৰ পিছত পৰহি মাজনিশা পাকিস্তানত ঘাটি পাতি থকা সন্ত্রাসবাদী-ৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ অভিযান চলায় ভাৰতীয় সেনাই৷ এই আক্রমণত পাকিস্তান তথা পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদীৰ ৯টা ঘাটি ধ্বংস হৈছে৷ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ভাৰতৰ এই মোক্ষম আঘাতত নিহত হৈছে কমপক্ষেও ৮০টা সন্ত্রাসবাদী৷ এইবাৰ সেই মৃতদেহৰ শেষকৃত্যত দেখিবলৈ পোৱা গ’ল লস্কৰ কমাণ্ডাৰ হাফিজ আব্দুল ৰৌফৰ সৈতে থিয় হৈ থকা পাক সেনা বিষয়া তথা জোৱানসকলক৷ এই ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে প্রশ্ণ উঠিছে- পাকিস্তানে কেনেদৰে সন্ত্রাসবাদক সহায় কৰি থকা বিষয়টো অস্বীকাৰ কৰিব পাৰে৷ উল্লেখনীয় যে ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত প্রৱেশ কৰি মুৰিডকেত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছিল৷ লাহোৰ চহৰৰ পৰা মাত্র ৪২ কিলোমিটাৰ দূৰত অৱস্থিত এই স্থানত সন্ত্রাসবাদীৰ শিবিৰ ধ্বংস হৈছিল ক্ষেপণাস্ত্রৰ আঘাতত৷ সেই স্থানতেই তিনি সন্ত্রাসবাদীৰ শেষকৃত্যত দেখা গ’ল লস্কৰ নেতাৰ সৈতে পাক সেনা বিষয়া আৰু জোৱানসকলৰ সৈতে আৰক্ষী কর্মীসকলক৷ লক্ষণীয়ভাৱে প্রশাসনীয় বিষয়াসকলেও সন্ত্রাসবাদীৰ এই শেষকৃত্যত অংশগ্রহণ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ পোহৰলৈ অহা ভিডিঅ’ত৷ ইয়াৰ উপৰি অন্ত্যেষ্টিক্রিয়াত দেখিবলৈ পোৱা গৈছে হাফিজ ছয়ীদ প্রতিষ্ঠিত অন্য এক নিষিদ্ধ সংগঠন জামাত–উদ–দাৱাৰ সদস্যসকলকো৷ সূত্রই সদৰী কৰা অনুসৰি নিহত কাৰি আব্দুল মালিক, খালিদ আৰু মুদাছিৰ আছিল জামাত–উদ–দাৱাৰ সদস্য৷ এই তিনি সন্ত্রাসবাদীৰ কফিন পাকিস্তানৰ পতাকাৰে ঢাকি সেনা জোৱানে এই কফিন কান্ধত লোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত৷

You might also like