নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজা-ত প্রতি ৪০ মিনিটত নিহত এটি শিশু

🔹 ইজৰাইলৰ অভিযানে ভয়াৱহ কৰি তুলিছে পৰিস্থিতি

গাজা, ৮ মে’ : স্বাধীনতাকামী পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নির্মূল কৰা এতিয়াও সম্ভৱ হোৱা নাই৷ কিন্তু ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ নির্দেশত নতুনকৈ সেনা অভিযান আৰম্ভ হোৱাৰ পিছত গাজাত প্রতি ৪০ মিনিটত নিহত হৈছে এটিকৈ শিশু৷ গাজাৰ স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা এই তথ্য প্রকাশ কৰা হৈছে৷ দক্ষিণ গাজাৰ খান ইউনিছত নাছেৰ মেডিকেল কমপ্লেক্সত এক সংবাদ মেলত গাজাৰ স্বাস্থ্য বিষয়া মাৰৱান আল হামছে সদৰী কৰা অনুসৰি, ইজৰাইলৰ আক্রমণত এতিয়ালৈকে ১৬,২৭৮টা শিশু নিহত হৈছে৷ ইয়াৰ ভিতৰত ৯০৮টা শিশু আছিল মাতৃৰ কোলাত৷ ইয়াৰ উপৰি ৩১১টা শিশু আছিল সদ্যোজাত৷ স্মর্তব্য যে যুদ্ধবিৰতি লংঘন কৰাৰ পাছৰে পৰা ইজৰাইলে গাজাত অভিযান তীব্রতৰ কৰিছে৷ যোৱা মার্চ মাহৰ পৰা গাজাত ইজৰাইলৰ বোমাবর্ষণত বহু নিৰপৰাধ লোক নিহত হৈছে৷ এতিয়ালৈকে ২০২৩ চনৰ পৰা গাজাত নিহত হৈছে ৫৫ সহস্রাধিক নিৰীহ পেলেষ্টাইনী৷

You might also like