পাকিস্তানৰ মিথ্যাচাৰ
সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা পাকিস্তানৰ মিথ্যাচাৰ বাৰম্বাৰ নগ্ন ৰূপত প্রকাশ পাইছে৷ ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক পর্যায়ত সন্ত্রাসবাদী ঘোষিত দুর্ধর্ষ সন্ত্রাসবাদীক আশ্রয়ৰ লগতে বিত্তীয় সাহায্য প্রদান কৰি থকা পাকিস্তানে বিগত কেইবা দশক ধৰি দেশখনত লালিত–পালিত সন্ত্রাসবাদীৰ দ্বাৰা ভাৰতীয় ভূমিত আক্রমণ চলাই আহিছে৷ প্রধানতঃ জম্মু–কাশ্মীৰত পাক সন্ত্রাসবাদীয়ে কূটাঘাতমূলক কার্য সংঘটিত কৰি অঞ্চলটোত অশান্তিৰ বাতাৱৰণ সৃষ্টি কৰি আহিছে৷ যোৱা ২২ এপ্রিলত জম্মু–কাশ্মীৰত মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে পর্যটকক বর্বৰতাৰে হত্যা কৰাৰ পাছত ভাৰতে মঙলবাৰে নিশা অপাৰেচন সিন্দূৰ শীর্ষকেৰে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত বিধ্বংসী আক্রমণ চলায় ভাৰতীয় সেনাই৷ পেহেলগামত সন্ত্রাসবাদী আক্রমণত পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জড়িত থকা বুলি ভাৰতে নিশ্চিত হোৱাৰ পাছতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা স্থানত ২১টা সন্ত্রাসবাদী শিবিৰত আকাশমার্গেৰে ভয়াৱহ আক্রমণ চলায়৷ ভাৰতীয় সেনাই ৰাফেল যুদ্ধ বিমানেৰে স্কেল্প ক্রুইজ মিছাইল আৰু হামাৰ বোমাৰে বিধ্বংসী আক্রমণ চলাই সন্ত্রাসবাদীৰ ঘাটি–শিবিৰ ধ্বংসস্তূপত পৰিণত কৰে৷ সন্ত্রাসবাদীৰ শিবিৰত ভাৰতীয় সেনাই চলোৱা আক্রমণত নিষিদ্ধ সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ–ভগ্ণীসহ পৰিয়ালৰ ১০জন নিহত হয়৷ দেশৰ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে ভাৰতীয় সেনাৰ আক্রমণত শতাধিক পাকিস্তানী সন্ত্রাসবাদী নিহত হৈছে৷ আন্তর্জাতিক পর্যায়ত নিষিদ্ধ সংগঠন জইছ–ই–মহম্মদ, লস্কৰ–ই–তৈবা আৰু হিজবুল মুজাহিদীনৰ সদৰ কার্যালয়ৰ লগতে প্রশিক্ষণ শিবিৰসমূহ ভাৰতীয় সেনাই ধ্বংসস্তূপত পৰিণত কৰে৷ পেহেলগামৰ আক্রমণত লস্কৰ–ই–তৈবা জড়িত থকাৰ লগতে দেশৰ বিভিন্ন প্রান্তত সন্ত্রাসবাদী আক্রমণত জড়িত এই নিষিদ্ধ সংগঠনটো৷ ইয়াৰ লগতে জইছ–ই–মহম্মদ আৰু হিজবুল মুজাহিদীনো ভাৰতত সন্ত্রাসবাদী আক্রমণত জড়িত৷ এই তিনি নিষিদ্ধ সংগঠনক পাকিস্তানে সকলো পর্যায়েৰে সহায়–সহযোগ কৰি আছে৷ আনকি পাকিস্তানী সেনা আৰু দেশখনৰ চোৰাংচোৱা সংস্থা আই এছ আয়ো নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ লগত জড়িত৷
ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী মাছুদ আজহাৰ, ছয়ীদ মহম্মদকে ধৰি কেইবাজনো সন্ত্রাসবাদী পাকিস্তানত মুকলিভাৱে ঘূৰি আছে৷ নতুন দিল্লীয়ে এই তথ্য সদৰী কৰাৰ পাছতো পাকিস্তানে মানি লোৱা নাই৷ বৰঞ্চ ভাৰতৰ তথ্যক আওকাণ কৰি আহিছে৷ অর্থাৎ সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি থকা পাকিস্তানে ভাৰতৰেই নহয়, বিশ্ব সম্প্রদায়ে সন্ত্রাসবাদক লৈ দেশখনে গ্রহণ কৰা স্থিতিক লৈ সন্তুষ্ট নহয়৷ সন্ত্রাসবাদক লৈ সদায়ে মিথ্যাচাৰৰ আশ্রয় লৈ আহিছে পাকিস্তানে৷ পেহেলগাম আক্রমণৰ প্রত্যাঘাত হিচাপে ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত জইছ–ই–মহম্মদ, লস্কৰ–ই–তৈবা আৰু হিজবুল মুজাহিদীনৰ ঘাটিত বিমানেৰে মিছাইল নিক্ষেপ কৰাৰ পাছতো পাকিস্তানে মিথ্যাচাৰৰ আশ্রয় লৈছে৷ সন্ত্রাসবাদীৰ ঘাটি নাই বুলি ঘোষণা কৰা পাকিস্তানে আনকি ভাৰতীয় সেনাই চলোৱা আক্রমণ অসামৰিক এলেকাত কৰা বুলি দাবী কৰিছে৷ এয়াই নহয়, ভাৰতীয় সেনাৰ আক্রমণত ২৬জন অসামৰিক লোক নিহত হোৱাৰ লগতে ৬০ৰো অধিক আহত হোৱা বুলি দাবী কৰিছে৷ ভাৰতীয় সেনাই সাধাৰণ নাগৰিকৰ অনিষ্ট হ’ব পৰা কোনো অঞ্চলতে মিছাইল নিক্ষেপ কৰা নাই৷ আনকি পাকিস্তানৰ সামৰিক ঘাটিতো আক্রমণ চলোৱা নাই৷ ভাৰতে নির্দিষ্টকৈ উল্লিখিত তিনি নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ ঘাটিত নির্ভুল আক্রমণ কৰিছে৷ ভাৰতৰ এই আক্রমণ সন্দর্ভত পাকিস্তানে প্রত্যক্ষভাৱে সন্ত্রাসবাদীৰ বিৰুদ্ধে আক্রমণ মানি লোৱা নাই৷ আনকি দেশখনৰ মতে সন্ত্রাসবাদীৰ ঘাটিও নাই৷ আন্তর্জাতিক সমুদায় তথা বিশ্ববাসীয়ে পাকিস্তান যে সন্ত্রাসবাদীৰ পৃষ্ঠপোষক সেই কথা অৱগত৷ মুক্ত সত্য যে পাকিস্তান সন্ত্রাসবাদীৰ পৃষ্ঠপোষকহে, ইয়াৰ পাছতো পাকিস্তানে নিজে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজি থকা বুলি মিথ্যাচাৰৰ আশ্রয় লৈছে৷ পেহেলগামৰ প্রতিশোধকল্পে ভাৰতীয় সেনাই সন্ত্রাসবাদীৰ শিবিৰত চলোৱা আক্রমণকো নস্যাৎ কৰিছে দেশখনে৷ মুকলিকৈ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ এই মিথ্যাচাৰ এতিয়া বিশ্ব সমুদায়ৰ সন্মুখত নগ্ণ ৰূপত উদ্ভাৱিত হৈছে৷ ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰত মিছাইলেৰে আক্রমণ কৰি পুনৰ পাকিস্তান যে সন্ত্রাসবাদীৰ ঘাটি তাক বিশ্বত প্রমাণিত কৰিলে৷