আক্রমণ চলিব পাৰে ! তাজমহলত নিৰাপত্তা বৃদ্ধি
🔹 ভাৰত–পাকিস্তানৰ সংঘাতৰ মাজতে চোৰাংচোৱাৰ তথ্য
নিউজ ডেস্ক, ৯ মে’ : ‘অপাৰেচন সিন্দূৰ’ৰ পিছত তাজমহলৰ নিৰাপত্তাক লৈ সৃষ্টি হৈছে আশংকা৷ শেহতীয়াকৈ ঐতিহাসিক এই প্রাসাদটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ তাজমহলৰ সমীপৱর্তী অঞ্চলসমূহত গাড়ী আৰু হোটেলত চলিছে নিশ্ছিদ্র তালাচী৷ পর্যটকসকলৰ পৰিচয় পৰীক্ষা কৰি চাইছে নিৰাপত্তা বাহিনীয়ে৷ তাজমহলৰ নিৰাপত্তাৰ দায়িত্বত যিসকল আছে, তেওঁলোকক ২৪ ঘণ্টাই সতর্ক থাকিবলৈ নির্দেশ দিয়া হৈছে৷ হঠাতে নিৰাপত্তা বৃদ্ধিৰ কাৰণ জানিবলৈ দিয়া নাই প্রশাসনে৷ স্মর্তব্য যে তাজমহল ভাৰতৰ অন্যতম পর্যটন ক্ষেত্র৷ দেশী–বিদেশী বহু পর্যটকে বছৰি তাজমহল দর্শন কৰে৷ গতিকে, এই গুৰুত্বপূর্ণ পর্যটন কেন্দ্র সম্ভাব্য পাক আক্রমণৰ লক্ষ্য হৈ পৰিব পাৰে৷ চোৰাংচোৱা সূত্রই এনে তথ্য প্রশাসনক দিয়াৰ পিছতে তাজমহলৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ তাজমহল আৰু ইয়াৰ সৈতে সংলগ্ণ অঞ্চলসমূহক ‘তাজ ট্রেপিজিয়াম’ জ’ন বুলি কোৱা হয়৷ এই অংশৰ ভিতৰতে আছে আগ্রা দুর্গ আৰু ফাতেহপুৰ ছিক্ৰি৷ গতিকে, গুৰুত্বপূর্ণ এই অঞ্চলত শত্রু ৰাষ্ট্র পাকিস্তানে আক্রমণ চলাব পাৰে বুলি আশংকা কৰা হৈছে৷