নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মা

মা- সুবিশাল ভাৰতীয় ভূখণ্ড কেৱল এটুকুৰা মাটি নহয়৷ ১৪০ কোটি ভাৰতীয়ৰ বাবে এই ভূখণ্ড আইমাতৃ৷ ৩২,২৮,২৬৩ বর্গকিলোমিটাৰজোৰা ভাৰত আমাৰ জননী৷ এই জননীয়ে আমাক লালন কৰিছে, পালন কৰিছে৷ এই জননীয়ে আমাক জন্ম দিছে৷ আমাক পৰিচয় দিছে৷ ৫ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা এই ভূখণ্ডতে গঢ় লৈ উঠিছে৷ ভাৰতৰ বিৰুদ্ধে যিকোনো আক্রমণ– সেয়া সামৰিকে হওক বা অসামৰিকেই হওক, সেই আক্রমণ আমাৰ জননী মাতৃৰ বিৰুদ্ধে আক্রমণ৷ মাতৃ পৰিচয়েৰে গর্বিত প্রতিজন ভাৰতীয়ৰ বাবে ভাৰতত আক্রমণৰ অর্থই হ’ল মোৰ মাক আক্রমণ৷ আৰু কোনো কাৰণতেই মোৰ মাক কৰা আক্রমণ ক্ষমাৰ অযোগ্য৷ মাক অক্ষত ৰখাৰ বাবে শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে আমি, প্রতিজন সঁচা ভাৰতীয়ই আমৃত্যু যুঁজত অৱতীর্ণ হ’ম৷ পাকিস্তানৰ কিছু নির্দিষ্ট সন্ত্রাসবাদী ঘাটি লক্ষ্য কৰি ভাৰতে কৰা সুনির্ধাৰিত আক্রমণৰ পাছত সন্ত্রাসবাদীৰ চর্দাৰ দেশখনে আমাৰ ভাৰত মাতৃৰ বিৰুদ্ধে এক পূর্ণ পর্যায়ৰ যুদ্ধ ঘোষণা কৰিছে৷ ইতিমধ্যে আমাৰ সামৰিক ঘাটি লক্ষ্য কৰি লোৱাৰ উপৰি শেহতীয়াকৈ পাকিস্তানে অৱন্তিপুৰা, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কপুৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভাতিন্দা, চণ্ডীগড়, ভুজ আদি স্থানৰ অসামৰিক অঞ্চলকো আক্রমণত সাঙুৰি লৈছে৷ আনকি সন্ত্রাসবাদী ৰাষ্ট্র পাকিস্তানৰ আক্রমণৰ লক্ষ্যৰ পৰা সাৰি যোৱা নাই ধর্মীয় অনুষ্ঠানো৷ স্বাভাৱিকতে দেশখনৰ এই আক্রমণ ভাৰত মাতৃৰ বিৰুদ্ধে আক্রমণ৷ ভাৰতীয় সভ্যতাৰ প্রতি আক্রমণ৷ পাকিস্তানৰ এই আক্রমণৰ যথোচিত জবাব দি ইতিমধ্যে ভাৰতীয় সেনা বাহিনীয়ে বুজাই দিছে যে পাকিস্তানৰ যিকোনো আক্রমণ প্রতিহত কৰিবলৈকে কেৱল সক্ষমেই নহয়, ভাৰতে প্রয়োজনত অধিক ভয়ংকৰ প্রত্যাক্রমণ কৰিবলৈও সক্ষম৷ আৰু যোৱা ৪৮ ঘণ্টাত ভাৰতে পাকিস্তানৰ ভূখণ্ডত কেইবাটাও সুনির্দিষ্ট আঘাত হানি ইয়াৰ প্রমাণ দিছে৷

আইমাতৃৰ শৰীৰত এটা মাথোঁ আঁচোৰ পৰিলেই ভাৰত–ভাৰতীয়ই কি ভয়ংকৰ ৰূপ ল’ব পাৰে সেয়া যোৱা দুটা দিনত বিশ্ব সম্প্রদায়ে প্রত্যক্ষ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ভাৰত ভূখণ্ডক সুৰক্ষিত কৰি ৰখাৰ বাবে লোৱা পদক্ষেপ আৰু আক্রমণক সমগ্র দেশবাসীয়ে অকুণ্ঠে সঁহাৰি জনাইছে আৰু দেশ মাতৃৰ বাবে প্রয়োজনত যুঁজলৈ যাবলৈ, মাতৃৰ বাবে প্রাণ আহুতি দিবলৈ সংকল্পবদ্ধ হৈছে৷ যুদ্ধ যিমানেই আগবাঢ়িছে, যিমানেই ভয়ংকৰ হৈ উঠিছে, সিমানেই দেশ মাতৃক ৰক্ষাৰ বাবে শত্রুপক্ষৰ বিৰুদ্ধে ভাৰতীয়ৰ তেজ উথলি উঠিছে৷ অধিকাংশ ভাৰতীয়ই বিচাৰিছে সময়ে সময়ে সন্ত্রাসবাদী কার্যকলাপেৰে ভাৰতক বিপর্যস্ত কৰিব খোজা পাকিস্তানৰ বিৰুদ্ধে এই যুদ্ধ হওক এখন নির্ণায়ক যুদ্ধ৷ আৰু পাকিস্তানক ভাৰতে এনে এক শিকনি দিয়ক যাতে দূৰ ভৱিষ্যতেও সন্ত্রাসবাদী ৰাষ্ট্রখনে ভাৰতীয় ভূখণ্ডত নিৰীহ লোকৰ তেজৰ ফাকু খেলিবলৈ স্বপ্ণতো সাহস নেদেখে৷ যদি সঁচা অর্থতে অধিকাংশ ভাৰতীয়ই এনে শিকনি পাকিস্তানক দিয়াটো বিচাৰিছে তেন্তে নিশ্চিতভাৱে এখন দীঘলীয়া যুদ্ধৰ বাবে ভাৰতবাসী সাজু হ’ব লাগিব৷ কিছু ব্যক্তিগত ক্ষয়–ক্ষতিৰ বাবেও সাজু হ’ব লাগিব দেশবাসী৷ যুদ্ধৰ শেহতীয়া গতি–প্রকৃতিয়ে প্রায় নিশ্চিত কৰিছে যে অনুমান কৰাতকৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কিছু দীঘলীয়া হ’ব আৰু কিছু ক্ষয়–ক্ষতিও আমি সহিবলগীয়াও হ’ব পাৰে৷ আৰু নিজৰ ‘মা’ক ৰক্ষাৰ বাবে ভাৰতীয়ই এনে ত্যাগ এবাৰ নহয়, হাজাৰবাৰ কৰিবলৈ সাজু আছে৷ পাকিস্তান আৰু পাকিস্তানৰ সহযোগী দেশবোৰে নিশ্চিতভাৱে ভাৰতবাসীৰ এই মাতৃ ৰক্ষাৰ সংকল্প হৃদয়ংগম কৰাটো উচিত হ’ব৷

You might also like