এসপ্তাহৰ বাবে স্থগিত আইপিএল-ৰ মেচ
🔹 ভাৰত–পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি
নিউজ ডেস্ক, ১০ মে’ : এসপ্তাহৰ বাবে স্থগিত আইপিএল-ৰ মেচ। পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত হিচাপে অপাৰেচন সিন্দূৰ নামেৰে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই বিধ্বংসী মিছাইল আক্রমণ চলোৱাৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷
পাকিস্তানে জম্মু–কাশ্মীৰৰ এলঅ’চিৰ সমান্তৰালকৈ আন্তর্জাতিক সীমান্তত ধাৰাসাৰ গোলাবর্ষণ কৰাৰ সমান্তৰালকৈ ভাৰতীয় চহৰক লক্ষ্য কৰি ড্রোন নিক্ষেপ কৰাৰ পাছতেই পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰিছে৷ পূর্ণাংগ যুদ্ধৰ পর্যায়লৈ যোৱা ক্ষণ আহি পৰাৰ পৰিপ্রেক্ষিততেই চলিত আইপিএল ২০২৫ৰ পৰৱর্তী খেলসমূহ তাৎক্ষণিকভাৱে এসপ্তাহলৈ স্থগিত ৰখা হৈছে৷ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই বিবৃতিযোগে আইপিএল ২০২৫ তাৎক্ষণিকভাৱে এসপ্তাহ স্থগিত ৰখা বুলি ঘোষণা কৰিছে৷ বিবৃতিত কয় যে বিচিচিআয়ে চলিত টাটা আইপিএল ২০২৫ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ এসপ্তাৰ বাবে স্থগিত ৰাখিছে৷ সংশ্লিষ্ট কর্তৃপক্ষ আৰু অংশীদাৰৰ সৈতে পৰিস্থিতি সন্দর্ভত আলোচনা কৰাৰ পাছতহে পৰৱর্তী খেলৰ নতুন তাৰিখ আৰু স্থান ঘোষণা কৰা হ’ব৷
সকলো অংশীদাৰ আৰু অধিকাংশ ফ্রেনছাইজীৰ সৈতে পৰামর্শৰ পাছত আইপিএল গৱর্নিং কাউঞ্চিলে এই সিদ্ধান্ত গ্রহণ কৰে৷ ব্র’ডকাষ্টাৰ, স্প’নছৰ আৰু শুভাকাংক্ষীৰ লগতে খেলুৱৈসকলৰ সংবেদনশীলতাৰ উদ্বিগ্ণতাক প্রাধান্য দি এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইপিনে, বিবৃতিত সশস্ত্র বাহিনীৰ শক্তি আৰু সমৰসজ্জাত সম্পূর্ণ আস্থা প্রকাশ কৰে বিচিচিআয়ে৷
উল্লেখ্য যে ৮ মে’ৰ সন্ধিয়া জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে পাকিস্তানী সেনাৰ আক্রমণৰ ফলত পৰিস্থিতি উত্তেজনাময় হৈ উঠাৰ পৰিপ্রেক্ষিতত ধৰমশালাত চলি থকা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মেচখন আধাতে বাতিল কৰিবলগীয়া হয়৷ বিদেশী খেলুৱৈসকলৰ উদ্বিগ্ণতাৰ প্রতি লক্ষ্য ৰাখি বিচিচিআয়ে মেচখন সাময়িকভাৱে স্থগিত ৰাখিছিল৷ এই মেচখন স্থগিত ৰখাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই নিৰাপত্তা আৰু সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি আইপিএলৰ পৰৱর্তী মেচসমূহ এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে৷