নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ–৪০০ৰ পৰাক্রমত ত্রাহি মধুসূদন সুঁৱৰিছে চিৰবৈৰী পাকিস্তানে

🔹 ভাৰতৰ ‘সুদর্শন চক্র’ৰ মোক্ষম আঘাত

নিউজ ডেস্ক, ১০  মে’ : জাকে জাকে উৰি অহা চিৰবৈৰী পাকিস্তানী ড্রোনৰ পৰা আৰম্ভ কৰি যুঁজাৰু জেট ক্ষেপণাস্ত্রলৈ মাজ আকাশতেই সন্ত্রাসবাদৰ মদতপুষ্ট চিৰবৈৰী ৰাষ্ট্রৰ ইটোৰ পাছত সিটো আক্রমণ প্রতিৰোধ কৰি সম্প্রতি সমগ্র বিশ্বতে চর্চাৰ বিষয় হৈ পৰিছে ভাৰতৰ ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ (এয়াৰ ডিফেঞ্চ ছিষ্টেম)৷ দেশত দুর্ভেদ্য কৱচ হৈ পৰা এই অস্ত্রৰ নাম হ’ল এছ–৪০০ ট্রায়ুম্ফ৷

ভাৰতীয় সেনা বাহিনীয়ে ৰাছিয়াত নির্মিত এই ‘সুদর্শন চক্র’ৰ সহায়তে চিৰবৈৰী ৰাষ্ট্রৰ আক্রমণ প্রতিৰোধ কৰিবলৈ সক্ষম হৈছে৷ পেহেলগামৰ নৰসংহাৰৰ প্রতিশোধকল্পে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ভূমিত ভাৰতীয় স্থল–নৌ–বায়ু সেনা বাহিনীয়ে নিখুঁতভাৱে সম্পন্ন কৰা অপাৰেচন সিন্দূৰৰ পাছত যোৱা ৭ আৰু ৮ মে’ৰ নিশা দেশৰ ১৫খন চহৰক লক্ষ্য কৰি আক্রমণ চলায় ইছলামাবাদে৷ ড্রোন ক্ষেপণাস্ত্রৰে ধ্বংসযজ্ঞ চলোৱাৰ পৰিকল্পনা আছিল পাক সেনাৰ৷ কিন্তু পাক ড্রোন আৰু ক্ষেপণাস্ত্রক চিহ্ণিত কৰি মাজ আকাশতে ধ্বংস কৰে ‘সুদর্শন চক্র’ই৷ কার্যতঃ এছ–৪০০ পৰাক্রমত ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতত অস্থিৰতাৰ সৃষ্টি কৰি অহা চিৰবৈৰী ৰাষ্ট্রখনে৷

২০১৮ চনত ভাৰতে ৫টা এছ–৪০০ ক্রয় কৰিছিল৷ ইয়াৰ কাৰণে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ৫৪৩ কোটি ডলাৰৰ এক চুক্তি সম্পন্ন কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইতিমধ্যে ভাৰতে তিনিটা এই ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ লাভ কৰাৰ বিপৰীতে দুটা এতিয়াও পাবলৈ বাকী৷ ৰাছিয়াত নির্মিত এছ–৪০০ৰ নাম ভাৰতীয় বায়ুসেনাই ৰাখিছে ‘সুদর্শন চক্র’৷ ভাৰতৰ এই ‘সুদর্শন চক্র’ৰ মোক্ষম আঘাততে পাকিস্তানী যুঁজাৰু জেট–ক্ষেপণাস্ত্র–ড্রোন তচনচ হৈ পৰিছে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাক সেনাৰ আক্রমণ প্রতিহত কৰিবলৈ ২০২১ চনতে পঞ্জাবত এছ–৪০০ মোতায়েন কৰা হয়৷ তদুপৰি চীন সীমান্ততো নতুন দিল্লীয়ে ‘সুদর্শন চক্র’ক সজীৱ কৰি ৰাখিছে৷ উল্লেখ্য যে এছ–৪০০ মূলতঃ তিনিটা অংশবিশিষ্ট৷ সেইবোৰ হ’ল– অত্যাধুনিক ৰাডাৰ, ক’মাণ্ড কন্ট্ৰ’ল আৰু ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্র ব্যৱস্থা৷ যাক পৃথিৱীৰ অন্যতম শক্তিশালী ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ হিচাপে গণ্য কৰা হয়৷ ৰুছ সেনাই ইয়াক ২০০৭ চনৰ পৰাই ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰ নির্মাণকাৰী সংস্থাটোৰ নাম হৈছে ‘এলমাজ’৷

‘সুদর্শন চক্র’ৰ ৰাডাৰত ৬০০ কিলোমিটাৰ পর্যন্ত ক্ষেপণাস্ত্র–ড্রোন–যুঁজাৰু বিমানক চিহ্ণিত কৰিবলৈ সক্ষম৷ সেইদৰে ক্ষেপণাস্ত্রই সর্বাধিক ৪০০ কিলোমিটাৰলৈকে আঘাত হানিব পাৰে৷ শত্রুপক্ষৰ কোনো ড্রোন–ক্ষেপণাস্ত্র–যুঁজাৰু জেট ভাৰতৰ আকাশসীমা স্পর্শ কৰিলেই প্রথমতে তাক এছ–৪০০ ৰাডাৰে চিহ্ণিত কৰিব৷ তাৰ পাছত সেই তথ্য যাব ক’মাণ্ড  এণ্ড কন্ট্ৰ’ল ইউনিটলৈ৷ তাতেই আক্রমণকাৰী ড্রোন–ক্ষেপণাস্ত্র–যুঁজাৰু বিমানৰ গতিবিধি নিশ্চিত কৰি প্রত্যাঘাত চূড়ান্ত কৰি তোলা হয়৷ অন্তিম পর্যায়ত ইয়াক লঞ্চাৰৰ পৰা নিক্ষেপ কৰা হয় ভূমিৰ পৰা আকাশলৈ৷ ‘সুদর্শন চক্র’ত তিনিধৰণৰ ক্ষেপণাস্ত্র সংলগ্ণ হৈ থাকে৷ যাৰ আঘাত হানিব পৰাৰ সক্ষমতা ক্রমে ৪০ কিলোমিটাৰ, ১২০ কিলোমিটাৰ আৰু ২০০–৪০০ কিলোমিটাৰ৷ এছ–৪০০ মুঠ লঞ্চাৰৰ সংখ্যা ৭২৷ যাৰ পৰা একেলগে ৩৮৪টা ক্ষেপণাস্ত্র নিক্ষেপ কৰিব পাৰি৷

ইফালে, যোৱা ৭ আৰু ৮ মে’ৰ আক্রমণৰ প্রত্যুত্তৰ দি ড্রোনেৰে লাহোৰক লক্ষ্য কৰি লয় ভাৰতীয় সেনাই৷ য’ত সম্পূর্ণৰূপে ধ্বংস হৈ পৰে পাকিস্তানৰ ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’৷ লাহোৰত চীনা ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ এইচকিউ–৯ পি মোতায়েন কৰি আহিছিল ৰাৱালপিণ্ডিস্থিত পাক সেনাই৷ কিন্তু ৰঙা চীনত নির্মিত এই ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ক ইজৰাইলী আত্মঘাতী ড্রোন ‘হাৰাপ’ৰ সহায়ত সম্পূর্ণৰূপে বানচাল কৰি পাকিস্তানত মোক্ষম প্রত্যাঘাত হানিবলৈ সক্ষম হয় নতুন দিল্লীয়ে৷ ইয়াৰ লগে লগে ইছলামাবাদৰ সমান্তৰালভাৱে চীনো বিশ্ব সম্প্রদায়ৰ সন্মুখত লজ্জিত হ’বলগীয়া হৈছে৷

কিয়নো এইচকিউ–৯ পিক ইমানদিনে বেইজিঙে এছ–৩০০ (এছ–৪০০ৰ পূর্বৰ ভার্ছন)ৰ সমকক্ষ বুলি দাবী কৰি আছিল৷ কিন্তু যুদ্ধক্ষেত্রত কার্যতঃ সম্পূর্ণৰূপে ব্যর্থ হ’ল এইচকিউ–৯ পি৷ অপাৰেচন সিন্দূৰত ভাৰতে নিক্ষেপ কৰা ক্ষেপণাস্ত্র চিহ্ণিত কৰিবলৈ সক্ষমেই নহ’ল৷ ইয়াৰ বিপৰীতে পাকিস্তানে যোৱা ৮ মে’ত ভাৰতত আক্রমণ চলাবলৈ ব্যৱহাৰ কৰা এখন এফ–১৬ যুদ্ধ বিমান আৰু চীনত নির্মিত দুখন জেএফ যুঁজাৰু জেটক ‘আকাশ প্রতিৰক্ষা ব্যৱস্থা’ৰ মাধ্যমেৰে ভূ–পতিত কৰে ভাৰতীয় সেনাই৷

You might also like