নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপাৰেচন সিন্দূৰ : ভাৰত-পাক শ্বেয়াৰ বজাৰ-ত ব্যাপক অৱনতি

মাত্ৰ তিনি দিনতে ১.৩ ট্ৰিলিয়ন টকা হ্ৰাস পাইছে বজাৰ মূল্য

নিউজ ডেস্ক, ১০ মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ ভাৰত-পাক শ্বেয়াৰ বজাৰ উত্তেজনা বৃদ্ধিৰ প্ৰভাৱ দুয়োখন দেশৰ বজাৰত দেখা গৈছে। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ সময়ত ভাৰত আৰু পাকিস্তান উভয়ৰে শ্বেয়াৰ বজাৰত উঠা-নমা চলি আছে। ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দূৰ’ৰ অধীনত ব্যৱস্থা লোৱাৰ পাছত পাকিস্তানৰ শ্বেয়াৰ বজাৰত ব্যাপক অৱনতি ঘটিছিল। মাত্ৰ তিনি দিনতে ১.৩ ট্ৰিলিয়ন টকা হ্ৰাস পাইছে বজাৰ মূল্য।

আনকি বৃহস্পতিবাৰেও দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত কে এছ ই-১০০ সূচকাংকত বৃহৎ উঠা-নমা দেখা গৈছিল। ভাৰতীয় সেনাৰ বিমান আক্ৰমণৰ পিছত পাকিস্তানৰ শ্বেয়াৰ বজাৰ ৬ শতাংশতকৈ অধিক হ্ৰাস পায়। ইয়াৰ বাবে এঘণ্টাৰ বাবে ব্যৱসায় বন্ধ কৰিবলগীয়া হৈছিল। কে এছ ই-১০০ সূচকাংকত দিনটোৰ ভিতৰতে আটাইতকৈ বেয়া উঠা-নমাৰ পিছত বিনিয়োগকাৰীৰ মাজত আতংক ইমানেই বৃদ্ধি পালে যে মাত্ৰ এটা ব্যৱসায়িক অধিবেশনত বজাৰ মূল্য ৮২০ বিলিয়ন টকা হ্ৰাস পায়। ইয়াৰ লগে লগে সূচকাংকটোও ৬৪০০ পইণ্টতকৈ অধিক হ্ৰাস পাই সৰ্বনিম্ন স্তৰত উপনীত হয়।

বিগত তিনিটা ব্যৱসায়িক ছেছনত পাকিস্তানৰ শ্বেয়াৰ বজাৰৰ ভাৰত-পাক শ্বেয়াৰ বজাৰ মাৰ্কেট কেপত ১.৩ ট্ৰিলিয়ন টকাৰ ব্যাপক লোকচান হৈছে। বৃহস্পতিবাৰৰ ব্যৱসায়িক অধিবেশনত কে এছ ই-১০০ সূচকাংকত ১০ হাজাৰ পইণ্টতকৈ অধিক অস্থিৰতা দেখা গৈছিল, দিনটোৰ ভিতৰতে ১৮৭২ পইণ্টৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ পূৰ্বে ৮,৪১০ পইণ্টৰ নিম্নতম স্তৰত উপনীত হৈছিল।

এই উত্তেজনাৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰতো দেখা গৈছে। অল ৰাউণ্ড চেলিঙৰ বাবে দুদিনত ৭ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী। এই ক্ৰমাৎ বৃদ্ধি পোৱা অনিশ্চয়তাৰ মাজতে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূল্য ৭,০৯,৭৮৩.৩২ কোটি টকা হ্ৰাস পাই ৪,১৬,৪০,৮৫০.৪৬ কোটি টকা (৪.৮৬ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ) হৈছে।

You might also like