১৪ বছৰীয়া যাত্ৰা সামৰি টেষ্টৰ পৰা কোহলিৰ অৱসৰ
🔹 ভাৰতীয় টেষ্ট ক্রিকেটত এক বিৰাট-যুগৰ অৱসান
নিউজ ডেস্ক, ১১ মে’ : অৱশেষত ভাৰতীয় টেষ্ট ক্রিকেটত এক বিৰাট-যুগৰ অৱসান ঘটিল। শেহতীয়াতৈ টেষ্ট ক্ৰিকেটৰ পৰা বিৰাট কোহলিৰ অৱসৰ-ক লৈ বিভিন্ন জল্পনা-কল্পনা চলিছিল। উল্লেখ্য যে কিছুদিন পূর্বে টেষ্টৰ পৰা অৱসৰৰ ইচ্ছাৰ কথা ব’ৰ্ডৰ কর্মকর্তাক জনাইছিল কোহলিয়ে৷ ৰোহিত শর্মাৰ পিছত এইগৰাকী তাৰকাই অৱসৰ গ্রহণ কৰিব বিচৰাত সমস্যাত পৰে ভাৰতীয় ব’ৰ্ড ৷ কাৰণ, অহা ২০ জুনৰ পৰা ইংলেণ্ডৰ মাটিত ভাৰতে ৫খন মেচৰ টেষ্ট শৃংখলাত অংশগ্রহণ কৰিব ৷ দলৰ দুই জ্যেষ্ঠ বেটাৰ অবিহনে বিদেশৰ মাটিত শৃংখলাত অৱতীর্ণ হোৱাটো কঠিন হ’ব পাৰে বুলি ধাৰণা কৰে ব’র্ডে৷ সেইবাবে তেওঁক অৱসৰৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও ব’ৰ্ডৰ আহ্বানৰ প্রতি সঁহাৰি নিদিলে কোহলিয়ে৷ অৱশেষত তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আজি ইনষ্টাগ্ৰামযোগে টেষ্ট ক্ৰিকেটৰ পৰা নিজৰ অৱসৰৰ কথা ঘোষণা কৰে। ইয়াৰ লগে লগে লক্ষ লক্ষ বিৰাট-অনুৰাগীৰ লগতে ক্ৰিকেট ভাল পোৱা প্ৰতিগৰাকী লোকে বিৰাটৰ এই সিদ্ধান্তত দুখ প্ৰকাশ কৰিছে। বিৰাটৰ এই ১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত বহু সুন্দৰ ইনিংছ ভাৰতৰ ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰাৰ লগতে বিৰাটে নিজৰ সুন্দৰ খেলেৰে ভাৰতীয় দলটোক বহু খেলত জয়ৰ সোৱাদ দিয়ে। কিং কোহলিয়ে এই সুদীৰ্ঘ টেষ্ট কেৰিয়াৰত ১২৩ টেষ্ট মেচ খেলি ৯২৩০ ৰান সংগ্ৰহ কৰে, য’ত তেওঁ ৬৮ মেচত ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব বহন কৰে। অধিনায়ক হিচাপে ৬৮ মেচৰ ৪০খনতেই জয়ৰ সোৱাদ দিয়ে ভাৰতীয় ক্ৰিকেট দলক। বিৰাটে তেওঁৰ এই টেষ্ট কেৰিয়াৰত ৩০টা শতক আৰু ৩১টা অৰ্ধশতকীয় ইনিংছ খেলি ভাৰতীয় ক্ৰিকেট দলৰ ভেটি মজবুত কৰাত অৰিহণা যোগায়।