নিউজ ডেস্ক, ১২ মে’ : ভাৰত–পাকিস্তানৰ যুদ্ধৰ বাবে ৯ মে’ৰ পৰা বন্ধ ৰখা হৈছে ইণ্ডিয়ান প্রিমিয়াৰ লীগ ৷ এসপ্তাহ বন্ধ থকাৰ পিছত ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব পাৰে প্রতিযোগিতাখন৷ ইয়াৰ ফলত ফাইনেল মেচখন পিছুৱাই যাব পাৰে৷ আন সকলো মেচৰ বাবে তিনিটা স্থান নির্বাচন কৰিছে ব’র্ডে৷ সর্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্রকাশ পাইছে৷ প্রতিবেদন অনুসৰি, ১৭ মে’ৰ পৰা পুনৰ আইপিএল আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে ব’র্ডে৷ চেন্নাই, হায়দৰাবাদ আৰু বেংগালুৰুত হ’ব আন মেচসমূহ৷ আইপিএলৰ পৰিৱর্তিত সূচী ১০টা দলক জনাই দিয়া হ’ব৷ তেওঁলোকৰ সন্মতিৰ পিছতেই নতুন সূচী প্রকাশ কৰিব ব’র্ডে৷ ব’ৰ্ডৰ এগৰাকী কর্মকর্তাই জনোৱা অনুসৰি, আইপিএল এসপ্তাহৰ বাবে বন্ধ থকাত ২৫ মে’ৰ সলনি ৩০ মে’ত ফাইনেল অনুষ্ঠিত হ’ব পাৰে৷ পঞ্জাব কিংছৰ বাহিৰে আন ৯টা দলক মঙলবাৰৰ ভিতৰত নিজৰ ঘৰুৱা খেলপথাৰত একত্রিত হ’বলৈ নির্দেশ দিয়া হৈছে৷ অৱশ্যে ১৭ মে’ৰ পূর্বে প্রতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ ১০টা দলৰ বিদেশী ক্রিকেটাৰসকল কেতিয়া উভতিব সেই তথ্যও ব’ৰ্ডক জনাবলৈ নির্দেশ দিয়া হৈছে৷