ভাৰত-ক আক্রমণ কৰিলেই ভয়ংকৰ পৰিণাম
🔹 দেশবাসীক সম্বোধি পাকিস্তানক কঠোৰ হুংকাৰ প্রধানমন্ত্রীৰ
নিউজ ডেস্ক, ১৩ মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনা হ’লে কেৱল সন্ত্রাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ সন্দর্ভতে হ’ব৷ ভাৰতে স্পষ্ট কৰি দিয়ে যে সন্ত্রাস, বাণিজ্য আৰু আলোচনা একেলগে চলিব নোৱাৰে৷ সন্ত্রাসবাদৰ গইনাৰে ভাৰতৰ ওপৰত আক্রমণ কৰিলে পাকিস্তানে ভয়াৱহ পৰিণাম ভুগিব লাগিব৷– এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ বিশ্বজুৰি নিন্দিত পেহেলগাম নৰসংহাৰৰ প্রত্যাঘাত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত কালি প্রথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পন্ন হোৱাৰ পাছত কালি সন্ধিয়া ৮ বজাত প্রধানমন্ত্রী মোদীয়ে দেশবাসীক সম্বোধন কৰি কয় যে কোনো পাৰমাণৱিক ব্লেকমেইলিং ভাৰতে সহ্য নকৰে৷ সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি সঠিক আৰু নিখুঁত পৰিকল্পনাৰে বিনাশ কৰিব৷ অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে প্রথমে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰাক্রমী সেনা, সশস্ত্র বল, চোৰাংচোৱা সংস্থা, বিজ্ঞানীক সমগ্র ভাৰতবাসীৰ হৈ ছেল্যুট জনায়৷ দেশৰ বীৰ সৈনিকে অপাৰেচন সিন্দূৰৰ লক্ষ্যপ্রাপ্তিৰ কাৰণে অসীম ধৈর্য প্রদর্শন কৰাটো সমগ্র দেশবাসীয়ে দেখিবলৈ পাইছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে পেহেলগাম নৰসংহাৰৰ পাছত সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ অসীম ধৈর্য প্রদর্শন কৰি যি সফলতা লাভ কৰিলে, সেই ভাৰতীয় সেনাৰ বীৰত্ব, সাহস, পৰাক্রম আৰু সফলতা দেশৰ প্রতিগৰাকী মাতৃ, ভগ্ণী আৰু প্রতিগৰাকী কন্যাক সমর্পণ কৰে৷ ২২ এপ্রিলত জম্মু–কাশ্মীৰৰ পেহেলমগামত সন্ত্রাসবাদীৰ বর্বৰতাই দেশৰ লগতে বিশ্ববাসীক শংকিত কৰি তোলাই নহয়, নিৰীহ লোকক ধর্মৰ পৰিচয় সুধি পৰিয়ালৰ সন্মুখতে সন্ত্রাসবাদীয়ে নির্লজ্জভাৱে যিদৰে হত্যা কৰিলে সেই ক্রূৰতাৰ বাবে তেৱোঁ নিজে অতি বেদনাহত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে দেশৰ সকলো ৰাজনৈতিক দল, জাতি–ধর্ম–বর্ণ সম্প্রদায়ে সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ একগোট হৈ থিয় দিছে৷ সন্ত্রাসবাদীক মাটিৰ লগত মিলাই দিবলৈ সশস্ত্র সেনাক পূর্ণ ক্ষমতা প্রদান কৰিছে৷ আজি সন্ত্রাসবাদী আৰু সন্ত্রাসবাদক সমর্থন কৰা সংগঠনসমূহে বুজি উঠিছে যে আমাৰ ভগ্ণী–কন্যাৰ শিৰৰ সেন্দূৰ কাঢ়ি লোৱাজনৰ কি গতি হ’ব পাৰে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে কয়– অপাৰেচন সিন্দূৰ কেৱল নাম নহয়, ই হৈছে দেশৰ কোটি কোটি জনতাৰ ভাবনাৰ প্রতীক৷ অপাৰেচন সিন্দূৰ ন্যায়ৰ অখণ্ড প্রতীক৷ ৬ মে’ৰ নিশা, ৭ মে’ৰ পুৱা সমগ্র পৃথিৱীয়ে এই প্রতিজ্ঞাৰ পৰিণাম প্রত্যক্ষ কৰিছে৷ ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ কৰি সন্ত্রাসবাদীৰ প্রশিক্ষণ শিবিৰত নিখুঁত আঘাত কৰিলে৷ সন্ত্রাসবাদীয়ে সপোনতো ভবা নাছিল ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব৷ কিন্তু দেশ যেতিয়া একত্রিত হৈ পৰে তেতিয়া দেশ প্রথম ভাবনাৰে ভৰি উঠে৷ ৰাষ্ট্র সর্বপ্রথম হৈ সাহসী সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ পৰিণাম দেখিবলৈ পোৱা যায়৷ যেতিয়া ভাৰতে সন্ত্রাসবাদীৰ ওপৰত মিছাইলেৰে আক্রমণ কৰে, ড্রোনেৰে আক্রমণ কৰে তেতিয়া সন্ত্রাসবাদীৰ অট্টালিকাই বিধ্বস্ত হোৱা নাই, সন্ত্রাসবাদীৰ মনোবলো ভাগি পেলায়৷ বাহাৱলপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্রাসবাদীৰ ঘাটি যাক আন্তর্জাতিক সন্ত্রাসবাদৰ বিশ্ববিদ্যালয় ৰূপে জনা যায়৷ পৃথিৱীৰ কোনো ঠাইত সন্ত্রাসবাদী আক্রমণ হ’লে, লাগিলে সি ৯/১১ হওক, লণ্ডনত বোমা বিস্ফোৰণেই হওক, কিম্বা ভাৰতত দশক দশক ধৰি চলি থকা সন্ত্রাসবাদী আক্রমণেই হওক, এই আক্রমণত পাকিস্তানৰ উক্ত সন্ত্রাসবাদী ঘাটিৰ নাম জড়িত হৈ পৰে৷ সন্ত্রাসবাদীয়ে আমাৰ ভগ্ণীৰ সেন্দূৰ মচি পেলাইছে, তেনে কাৰণতে ভাৰতে সন্ত্রাসবাদীৰ সেই মুখ্য কার্যালয় উৰুৱাই দিছে৷ ভাৰতৰ সেই আক্রমণত ১০০তকৈও অধিক দুর্ধর্ষ সন্ত্রাসবাদীক হত্যা কৰা হৈছে৷ সন্ত্রাসবাদৰ সৈতে জড়িত কেইবাজনো দুর্ধর্ষ সন্ত্রাসবাদী যিয়ে পাকিস্তানত মুকলিমূৰীয়াকৈ ঘূৰি আছিল, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্র কৰি আছিল, সেই সন্ত্রাসবাদীকো মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে৷ লক্ষণীয় যে ভাৰতৰ এই আক্রমণত পাকিস্তান নিৰাশ হৈ পৰে৷ নিৰাশাত বন্দী হৈ ক্ষুব্ধ হৈ উঠে আৰু ভাৰতক আক্রমণ কৰিবলৈ দুঃসাহস কৰে৷ সন্ত্রাসবাদীৰ ওপৰত ভাৰতক পদক্ষেপ ল’বলৈ সহায় কৰাৰ বিপৰীতে পাকিস্তানে সন্ত্রাসবাদীৰ হৈ ভাৰতৰ ওপৰত আক্রমণ কৰিবলৈ আৰম্ভ কৰে৷ পাকিস্তানে ভাৰতৰ স্কুল–কলেজ, গুৰুদ্বাৰা, মন্দিৰ, সাধাৰণ নাগৰিকৰ বাসগৃহত আক্রমণ কৰে৷ তেনেদৰে পাকিস্তানী সেনাই আমাৰ সেনাৰ ঘাটিতো আক্রমণৰ লক্ষ্য কৰি লয় যদিও এই সকলো আক্রমণ ভাৰতীয় সেনাই ব্যর্থ কৰে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ বিশ্বই প্রত্যক্ষ কৰিছে- পাকিস্তানৰ ড্রোন–মিছাইল কিদৰে ভাৰতৰ অত্যাধুনিক ব্যৱস্থাত প্রতিহত হৈছে৷ ভাৰতৰ বায়ু প্রতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে পাকিস্তানৰ সকলো মিছাইল–ড্রোন ধ্বংস কৰি পেলাইছে৷ ইয়াৰ সমান্তৰালকৈ পাকিস্তানী সেনাই সীমান্তত কৰা গুলীচালনাকো ভাৰতীয় সেনাই প্রতিহত কৰে৷ ভাৰতে সঠিক আৰু নিখুঁতভাৱে মিছাইলেৰে আক্রমণ চলাই পাকিস্তানৰ বায়ুসেনাৰ ঘাটিৰ ক্ষতি কৰিছে৷ যাক লৈ পাকিস্তানৰ গর্ব আছিল৷ প্রথম তিনি দিনতে পাকিস্তানক বিধ্বস্ত কৰি পেলালে৷ যিটো দেশখনে ভবাই নাছিল৷ ভাৰতৰ এই আক্রমণৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানে পথ বিচাৰি আছিল৷ পাকিস্তানে এই উত্তেজনা হ্রাস কৰাৰ বাবে বিশ্বজুৰি চেষ্টা চলায়৷ ভাৰতীয় সেনাৰ হাতত শোচনীয়ভাৱে বিপর্যস্ত হোৱা পাকিস্তানৰ ডিজিএমঅ’ই ১০ মে’ৰ দুপৰীয়া ভাৰতৰ ডিজিএমঅ’ৰ সৈতে বার্তালাপ কৰে৷ তেতিয়ালৈকে ভাৰতে সন্ত্রাসবাদীৰ আন্তঃগাঁথনি বিধ্বস্ত কৰি পেলাইছিল৷ পাকিস্তানৰ বুকুত থকা সন্ত্রাসবাদক ভাৰতে সম্পূর্ণৰূপে ধূলিৰ সৈতে মিলাই দিছিল৷ পাকিস্তানে যেতিয়া ভাৰতৰ সৈতে আলোচনাৰ বাবে আগবাঢ়ি আহিছিল তেতিয়াই ভাৰতে পাকিস্তানক স্পষ্টকৈ কৈছিল যে দেশখনৰ পৰা কোনোধৰণৰ সন্ত্রাসবাদী কার্যকলাপ আৰু সেনাই অভিযান চলাবলৈ দুঃসাহস নকৰিব৷ পাকিস্তানে ভাৰতৰ এই চর্ত মানি লোৱাৰ পাছত সাময়িক যুদ্ধবিৰতি হিচাপে সন্ত্রাসবাদীৰ ঘাটি আৰু সামৰিক আন্তঃগাঁথনি অভিযান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ পৰৱর্তী দিনত পাকিস্তানে যদি পুনৰ আক্রমণ কৰে তেতিয়াহ’লে কঠোৰতম পদক্ষেপ গ্রহণ কৰা হ’ব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ ইপিনে, দেশৰ তিনি সেনা বায়ুসেনা, স্থলসেনা আৰু নৌবাহিনী, বিএছএফ, অর্ধসামৰিক বাহিনী অহৰহ সজাগ হৈ আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ছার্জিকেল ষ্ট্রাইক আৰু এয়াৰ ষ্ট্রাইকৰ পাছত এতিয়া অপাৰেচন সিন্দূৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি৷ সন্ত্রাসবাদৰ বিৰুদ্ধে অভিযানত অপাৰেচন সিন্দূৰে নতুন আর্হি দেখুৱালে৷ এই নতুন আর্হিয়ে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত নতুন গতি দিব৷ এই লৈ প্রধানমন্ত্রী মোদীয়ে কয়– ভাৰতত সন্ত্রাসবাদী আক্রমণ হ’লে যথোচিত প্রত্যুত্তৰ দিয়া হ’ব৷ আমি নিজৰ পদ্ধতিৰে নিজৰ চর্তৰ আধাৰত প্রত্যুত্তৰ দিম৷ আমি সেই ঠাইলৈ গৈ প্রত্যুত্তৰ দিম, য’ৰ পৰা সন্ত্রাসবাদৰ শিপা গজিছে৷ দ্বিতীয়তে কোনোৱে যদি পাৰমাণৱিক ব্লেকমেইল কৰে ভাৰতে সেয়া সহ্য নকৰে৷ পাৰমাণৱিক ব্লেকমেইলিং কৰিলেই সন্ত্রাসবাদীৰ ঘাটিৰ ওপৰত ভাৰতে সঠিক আৰু নির্ণায়ক আঘাতৰ পৰা আঁতৰি নাহে৷ তৃতীয়তে ভাৰতে সন্ত্রাসবাদৰ লগত সম্পর্কিত চৰকাৰ আৰু সন্ত্রাসবাদক পৃথক পৃথক হিচাপে নলয়৷ অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে যিধৰণৰ ঘৃণনীয় পথ ল’লে সেয়া বিশ্বই দেখিছে৷ আক্রমণত নিহত সন্ত্রাসবাদীৰ বিদায় পর্বত পাকিস্তানী সেনাই সন্মান জনাইছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্র হিচাপে অনেক তথ্য আছে৷ আমি ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিবলৈ যিকোনো নির্ণায়ক পদক্ষেপ গ্রহণ কৰিম৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তান এদিন নিজেই সন্ত্রাসবাদৰ বাবে ধূলিত মিহলি হৈ যাব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ পাকিস্তানক সকীয়নি দি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– পাকিস্তানী সেনা, পাকিস্তান চৰকাৰে যিধৰণে সন্ত্রাসবাদক তেল–পানী দি আহিছে এদিন দেশখনেই শেষ হৈ যাব৷ পাকিস্তানে নিজক ৰক্ষা কৰিবলৈ হ’লে সন্ত্রাসবাদৰ আন্তঃগাঁথনি উৎখাত কৰিব লাগিব৷ ইয়াৰ বাহিৰে আন কোনো পথ নাই৷ ভাৰতৰ স্পষ্ট মত যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে নহয়৷ সন্ত্রাসবাদ আৰু বাণিজ্য একেলগে নচলে, পানী আৰু তেজো একেলগে নবয়৷ পাকিস্তানৰ সৈতে আলোচনা কৰিব লাগিলে কেৱল সন্ত্রাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ সন্দর্ভতহে হ’ব৷ শান্তিৰ মার্গো শক্তিৰ জৰিয়তে আহে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে মানৱতা, শান্তি আৰু সমৃদ্ধি একেলগে আগবাঢ়ে৷ প্রতিগৰাকী ভাৰতীয়ই শান্তিৰে জীৱন যাপন কৰিব বিচাৰে৷ বিকশিত ভাৰতৰ সপোন পূৰ হোৱাটো বিচাৰে৷ সর্বশেষত ভাৰতীয় সেনা আৰু সশস্ত্র সেনাক ছেল্যুট জনাই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ সামৰে৷