নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলি-ৰ অৱসৰক লৈ মুখ খুলিলে বিচিচিআয়ে

🔹 অন্তিম সময়ত ব’ৰ্ডৰ সৈতে বাঢ়িছিল দূৰত্ব !

নিউজ ডেস্ক, ১৩ মে’ : সুদীর্ঘ ১৪ বছৰীয়া বর্ণিল টেষ্ট কেৰিয়াৰৰ সামৰণি পৰিল বিৰাট কোহলি-ৰ৷ হেৰুওৱা ফর্ম উদ্ধাৰ কৰি পুনৰ ছন্দলৈ উভতি অহাৰ পাছতো টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক কোহলিয়ে ৰঙা বলক বিদায় দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ কোহলিৰ এই সিদ্ধান্তত লাখ লাখ ক্রিকেট অনুৰাগীৰ হূদয় ভাঙি পৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সৈতে থকা দূৰত্বৰ বাবেই কোহলিয়ে এই চৰম সিদ্ধান্ত লোৱা বুলি একাংশই শংকা প্ৰকাশ কৰাৰ সময়তে বিচিচিআয়ে কোহলিৰ অৱসৰ সন্দর্ভত মুখ খুলিলে৷ ব’ৰ্ডৰ সৈতে কোহলিৰ কোনোধৰণৰ মতানৈক্য হোৱা নাছিল বুলি উল্লেখ কৰি বিচিচিআয়ে এক্স হেণ্ডেলত এটা প’ষ্ট কৰি কয় যে ধন্যবাদ কোহলি৷ টেষ্ট ক্রিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল৷ কিন্তু এই পৰম্পৰা চিৰদিনৰ বাবে চলি থাকিব৷ ভাৰতীয় দললৈ তেওঁৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব৷ ইফালে, কোহলিৰ টেষ্ট কেৰিয়াৰক চেল্যুট দিলে আইচিচিয়ে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৰ এক্স হেণ্ডেলত লিখিছে– তেওঁ বগা জার্ছি খুলিলে৷ কিন্তু মুকুটটো তেওঁৰ মূৰত ৰৈ গ’ল৷ টেষ্ট ক্রিকেটৰ পৰা বিদায় লোৱাৰ পাছতো কোহলি সকলোতকৈ পৃথক হৈ থাকিব৷ উল্লেখ্য যে সোমবাৰে পুৱা ইনষ্টাগ্রামযোগে বিৰাট কোহলিয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে৷

You might also like