নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত সুৰাপান কৰি পঞ্জাবৰ অমৃতসৰত ১৫জনৰ প্রাণহানি, অসুস্থ দহ

নিউজ ডেস্ক, ১৪ মে’ : বিষাক্ত সুৰাপান কৰাৰ ফলত পঞ্জাবত মৃত্যু হৈছে ১৫গৰাকী লোকৰ৷ আশংকাজনক অৱস্থাত হাস্পতালত ভর্তি কৰা হৈছে অন্য ১০জনক৷ গতিকে, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষীয়ে৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, ৰাজ্যখনৰ অমৃতসৰৰ মাজিতা ব্লকত সংঘটিত হৈছে এই মর্মান্তিক ঘটনা৷ বিষাক্ত সুৰাপানৰ ফলত মৃত্যু হোৱা লোকসকলৰ অধিকসংখ্যকেই হৈছে ভাংগালি কালান, থাৰিৱাল, চাংহা আৰু মাৰাৰি কালান ব্লকৰ বাসিন্দা৷

গুৰুতৰভাৱে অসুস্থসকলক অমৃতসৰৰ চৰকাৰী হাস্পতালত ভর্তি কৰা হৈছে৷ অমৃতসৰৰ আৰক্ষী অধীক্ষক মনীন্দ্র সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইতিমধ্যে ১৫জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷

ইতিমধ্যে এই ঘটনা সন্দর্ভত সুৰাৰ ব্যৱসায়ৰ সৈতে জড়িত ৪জনক গ্রেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ দেওবাৰে সন্ধিয়াৰ পৰা বিষাক্ত সুৰাপান কৰাৰ ফলত বহু লোক অঞ্চলটোত অসুস্থ হৈ পৰা বুলি স্থানীয় সূত্রই সদৰী কৰিছে৷ অৱশ্যে আৰক্ষীয়ে এই সন্দর্ভত সবিশেষ তথ্য এতিয়াও সদৰী কৰা নাই৷

স্থানীয় একাংশ লোকৰ মতে, বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্রশাসনে দিয়া হিচাপতকৈ বহু বেছি৷ কাৰণ মৃত্যুৰ পাছতে স্থানীয় লোকসকলে কেইবাগৰাকীৰো মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰিছে৷

You might also like