নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেফটেনেণ্ট কৰ্নেল পদবী উন্নীত এথলীট নীৰজ চোপ্ৰা

নিউজ ডেস্ক, ১৪ মে’ : লেফটেনেণ্ট কৰ্নেল পদবী উন্নীত এথলীট নীৰজ চোপ্ৰা। অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰা এথলীট নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ পদ প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীত নাইব চুবেদাৰৰ পদত অধিষ্ঠিত আছিল। লেফটেনেণ্ট কৰ্ণেল হোৱাৰ পিছত নীৰজ চোপ্ৰাই ভাৰতীয় সেনাবাহিনীত পদোন্নতি লাভ কৰিছে। ইয়াৰ লগতে তেওঁৰ দৰমহাও বৃদ্ধি পাইছে।

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ভাৰতীয় সেনাৰ পৰা লেফটেনেণ্ট কৰ্ণেলৰ পিছত লাভ কৰিব উন্নত দৰমহা। ভাৰতীয় প্ৰতিৰক্ষা একাডেমীৰ অফিচিয়েল ৱেবছাইট অনুসৰি ভাৰতীয় সেনাবাহিনীৰ এজন লেফটেনেণ্ট কৰ্ণেলে ১,২১,২০০ টকাৰ পৰা ২,১২,৪০০ টকাৰ ভিতৰত দৰমহা পাব। ভাৰতীয় সেনাৰ এই দৰমহাৰ গাঁথনি সপ্তম দৰমহা আয়োগৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

নীৰজ চোপ্ৰা কেৱল ভাৰততে নহয়, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জেভেলিন নিক্ষেপকাৰী। এনডি টিভি স্প’ৰ্টছৰ তথ্য অনুসৰি লেফটেনেণ্ট কৰ্ণেল হোৱাৰ পূৰ্বে নীৰজ চোপ্ৰাৰ সম্পত্তিৰ পৰিমাণ ৩৭ কোটি টকাৰ ওচৰ চাপিছে। নীৰজ চোপ্ৰাৰ বাৰ্ষিক আয় প্ৰায় ৪ কোটি টকা। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগতে এণ্ডাৰছমেণ্টৰ পৰাও নীৰজ চোপ্ৰাই বহু টকা উপাৰ্জন কৰে। অলিম্পিকৰ পদক লাভ কৰাৰ পাছত নীৰজ চোপ্ৰাক বহু সামগ্ৰীৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও নিযুক্তি দিয়া হৈছে।

অলিম্পিকত স্বৰ্ণ পদকৰ লগতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই ২০২১ চনৰ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰে। একে সময়তে নীৰজে ২০২৪ চনৰ পেৰিছ অলিম্পিকতো ৰূপৰ পদক লাভ কৰিছে। অলিম্পিকত একেৰাহে দুটা পদক লাভ কৰি নীৰজে ইতিহাসৰ সৃষ্টি কৰিছে। ২০২৫ চনত নীৰজ চোপ্ৰাই পেছাদাৰী টেনিছ খেলুৱৈ হিমানী মোৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

You might also like