চ্যাটজিপিটিৰ ‘কথা’ মানি স্বামীৰে বিবাহ বিচ্ছেদৰ গোচৰ মহিলাৰ
গ্রীচত আদালতৰ সিদ্ধান্তত ৰক্ষা পৰিল ১২ বছৰীয়া সংসাৰ
চ্যাটজিপিটিৰ ‘কথা’ মানি স্বামীৰে বিবাহ বিচ্ছেদৰ গোচৰ মহিলাৰ
নিউজ ডেস্ক, ১৫ মে’ : সংসাৰ ভাঙি দিবলৈ ওলাইছে চ্যাটজিপিটিয়ে কৃত্রিম মেধা (এআই)ই কৰা ভৱিষ্যদ্বাণীৰ পিছত সেই কথা বিশ্বাস কৰি বিবাহ বিচ্ছেদৰ আবেদন জনায় পত্নীয়ে৷
কফী কাপৰ ধৰণ বিশ্লেষণৰ ওপৰত ভৰসা ৰাখি ১২ বছৰীয়া সংসাৰ ভঙাৰ সিদ্ধান্ত লৈছিল মহিলাগৰাকীয়ে৷ চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে গ্রীচত৷ ১২ বছৰ ধৰি সাংসাৰিক বন্ধনত আবদ্ধ হৈ আছিল দম্পতী৷ তেওঁলোকৰ মাজত দুটি সন্তানো আছে৷
১২ বছৰ সংসাৰ কৰাৰ পিছত মহিলাগৰাকীৰ সন্দেহ হয় যে স্বামী অন্য মহিলাৰ সৈতে সম্পর্ক আছে৷ কিন্তু স্বামীৰ যে অন্য মহিলাৰে প্রেমৰ সম্পর্ক আছে সেই কথা জানিব কেনেদৰে? এইক্ষেত্রত চ্যাটজিপিটিৰ সহায় লয় মহিলাগৰাকীয়ে৷
মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ কফী খোৱা কাপৰ বিশ্লেষণ বিচাৰে এআইৰ পৰা৷ এআইৰ বিশ্লেষণ অনুসৰি মহিলাগৰাকীৰ স্বামীয়ে অন্য এগৰাকী কম বয়সীয়া মহিলাৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি তুলিছে৷ চ্যাটজিপিটিৰ এনে ভৱিষ্যদ্বাণীৰ পিছতেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় মহিলাগৰাকীয়ে৷ আনকি মহিলাগৰাকীয়ে এই বিষয়টোক লৈ আদালতৰ দ্বাৰস্থ হয়৷
চ্যাটজিপিটিয়ে দিয়া তথ্য আদালতত দাখিল কৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীৰ নাম ‘ই’ আখৰে আৰম্ভ হয় বুলিও চ্যাটজিপিটিয়ে তথ্য দিয়ে৷ ইয়াৰ পিছতে আদালতে মহিলাগৰাকীক কয় যে এনে অদ্ভুত যুক্তি আদালতৰ বিচাৰ প্রক্রিয়াৰ ভিতৰলৈ নাহে৷ আনফালে এআইৰ তৰফৰ পৰা অহা কোনো ধৰণৰ তথ্যক আদালতৰ গোচৰৰ বিচাৰ প্রক্রিয়াৰ প্রামাণিক নথি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি বুলিও আদালতখনে স্পষ্ট কৰি দিয়ে৷